
ডিব্ৰুগড়, ২৪ নৱেম্বৰ (হি.স.): ডিব্ৰুগড় মহানগৰৰ মাজ মজিয়াত শনিবাৰে মাজনিশা ৰহস্যজনক ভাৱে জ্বলিল এখন বাছ। মহানগৰৰ দক্ষিণ আমোলাপট্টিৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰাখি থোৱা এএছ ০৬ বিচি ৫৩৫৮ নম্বৰৰ হিমাদ্ৰিজিৎ নামৰ লাইন বাছখন ৰহস্যজনক ভাৱে জ্বলি সম্পূর্ণভাবে ভস্মীভূত হয়।
অগ্নি নিৰ্বাপক বাহিনী আৰু বাহন আহি জুই নুমুৱাবলৈ সক্ষম হয় যদিও জুইত সম্পূর্ণ ৰূপে জ্বলি ছাঁই হয় বাছখন। নিশাৰ নিৰ্জনতাৰ সুযোগ লৈ কোনো লোকে বাছখন জ্বলাই দিয়াৰ সন্দেহ কৰা হৈছে। বাছখন শিৱসাগৰ-ডিব্ৰুগড়-তিনিচুকীয়া এই তিনি জিলাৰ মাজত দৈনিক যাত্রীবাহী বাছ হিচাপে চলাচল কৰিছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
