ধুবুৰী, ০৯ আগষ্ট (হি.স.)। ধুবুৰী জিলাৰ বিলাসীপাৰাত যোৱাকালি শুকুৰবাৰে নিশা বন বিভাগৰ অভিযান চলে। চোৰাং কাঠ আৰু অবৈধ কাঠ ফলা কলৰ বিৰুদ্ধে এই অভিযান চলোৱা হৈছিল। সাপটগ্ৰাম বন বিভাগৰ অভিযানত টিয়াপাৰা গাঁৱত অবৈধ ভাৱে চলি অহা কাঠ ফলা কল জব্দ কৰা হয়।
ইফালে অভিযানকাৰী দলৰ উপস্থিতিৰ উমান পাই পলায়ন কৰে চোৰাং কাঠ ব্যৱসায়ীৰ দল । পিছত জব্দ কৰা অবৈধ কাঠ ফলা কলটো সাপটগ্ৰাম বন কাৰ্যালয়লৈ নিয়ে |
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
