
দক্ষিণ শালমাৰা মানকাচৰ, ১৩ অক্টোবৰ (হি.স.): সমগ্ৰ অসমতে মৰমৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যময় মৃত্যুৰ ন্যায় বিচাৰি আন্দোলন অব্যাহত আছে । ইয়াৰ অংশ হিচাপে যোৱা কালি দেওবাৰে সন্ধিয়া দক্ষিণ শালমাৰা মানকাচৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবীত মমশিখা সমদল উলিয়ায়।
সমদলত মানকাচৰৰ প্ৰাক্তন বিধায়ক ড০ মতিউৰ ৰহমান মণ্ডল; যুৱ নেতা মহিবুৰ ৰহমান বাপ্পী আদি কৰি কংগ্ৰেছ দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী সকল উপস্থিত থাকে।হাটশিঙিমাৰী মহামায়া নগৰত অৱস্থিত ৰাজীৱ ভৱনৰ পৰা হাটশিঙিমাৰী ছুপাৰ মাৰ্কেট প্ৰাংগনলৈকে হাতে হাতে মমবাতিলৈ মমশিখা সমদল উলিয়ায় আৰু উচিত তদন্তৰ দাবী জনায়।
উল্লেখ্য যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যময় মৃত্যু হয়। শিল্পী গৰাকীৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবীত বিভিন্ন দল সংগঠনৰ উপৰি কংগ্ৰেছ দলে জিলাই জিলাই মমশিখা সমদল বাহিৰ কৰি আহিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
