কাৰ্বি আংলং, ০২ আগষ্ট (হি.স.): অহা কালি পুৱা ১০ বজাত প্ৰকৃতি ৰক্ষাণাবেক্ষণ, নিজৰাৰ সৌন্দৰ্য বৰ্ধনৰ হকে আৰু প্ৰকৃতিৰ সৈতে একাত্মক কথোপকথনৰ প্ৰয়াসেৰে পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ উদ্যোগত আৰু কাৰ্বি লাম্মেত আমেই ( নিজাং লংৰি লাম্মেত আমেই ) আৰু অসম নেপালী সাহিত্য সভা পশ্চিম কাৰ্বি আংলং জিলা সমিতিৰ সহযোগত আৰু খেৰণী শাখা সাহিত্য সভা আৰু জিৰিকিন্দেং লাম্মেত আৰো আমেইৰ আতিথ্যত জিৰিকিন্দংস্হিত ডিনাৰ জলপ্ৰপাতত প্ৰাকৃতিক পৰিৱেশত’ নিজৰাত কবিতা’ নামাকৰণেৰে তিনিকোণীয়া যৌথ প্ৰচেষ্টাত এখন বহুভাষিক কবি সন্মিলন আয়োজন কৰা হৈছে ৷
সেইদিনা পুৱা ১০ বজাৰ পৰা বহুভাষিক কবি সন্মিলনৰ কাৰ্যসূচী ক্ৰমে সভাপতি আসন গ্ৰহণ, অতিথিসকলৰ আসন গ্ৰহণ , চিনাকী পৰ্ব আৰু সম্বৰ্ধনা , বন্তি প্ৰজ্বলন, চিৰ চেনেহী গীত পৰিৱেশন, শোক প্ৰস্তাৱ, সভাৰ উদ্দেশ্য ব্যাখ্যা, বহুভাষিক কবি সন্মিলনৰ সঞ্চালকৰ আসন গ্ৰহণ, বহুভাষিক কবি সন্মিলন উদ্ধোধন, কবিতা পাঠ ও সম্বৰ্ধনা পত্ৰ প্ৰদান, সঞ্চালকৰ একাষাৰ, কৃতজ্ঞতা পত্ৰ প্ৰদান, ভোজন, নিমন্ত্ৰিত অতিথি সকলৰ একাষাৰ , কাৰ্বি লাম্মেত আমেই আৰু নেপালী সাহিত্য সভাৰ সভাপতিৰ একাষাৰ, সভাপতিৰ ভাষণ, শলাগৰ শৰাই, অ’ মোৰ আপোনাৰ দেশ শীৰ্ষক গীত পৰিৱেশন আৰু সভা ভংগ ৷ সেয়েহে সকলোকে উপস্থিত থাকিবলৈ আহ্বান জনাইছে আয়োজক সমিতিয়ে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
