
নগাঁও, ১৮ ডিছেম্বৰ (হি.স.): ৰূপহীহাটৰ পুথিখাইতীত যোৱাকালি নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পিষ্টলধাৰী দুৰ্বৃত্তৰ দলক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
চাৰি পাঁচজনীয়া দুৰ্বৃত্তই নিশা পুথিখাইতি গাঁৱত প্ৰৱেশ কৰাত ৰাইজে আটক কৰিবলৈ যোৱাত পিষ্টল দেখুৱাই পলায়ন কৰে দলটোৱে। চাৰি-পাঁচজনীয়া দুৰ্বৃত্তৰ দলে ডকাইতি কৰাৰ সন্দেহ কৰে স্থানীয় ৰাইজে। দুৰ্বৃত্তৰ দলটোক ৰাইজে বাধা দিবলৈ যোৱা পিষ্টল দেখুৱাই পলায়ন কৰে । ইফালে দুৰ্বৃত্তৰ দলটোৰ পৰা এজনক ৰাইজে আটক কৰি কাৱৈমাৰী আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত কাৱৈমাৰী আৰক্ষী উপস্থিত হৈ দুৰ্বৃত্ত এজন আটক কৰি থানালৈ লৈ যায়। ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত চেপা উত্তেজনা বিৰাজ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
