–কম খৰছত কৰিব পাৰিব উমৰাহ বা হজ
–সকলো ধৰণৰ সেৱা উপলব্ধ আছে ভাইজান ট্ৰেভেল এজেঞ্চিত
দৰং, ১০ জানুৱাৰী (হি.স.): দৰং বাসীৰ বাবে সু খবৰ কঢ়িয়াই মঙলবাৰ বিয়লি দৰঙৰ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত টাংনি চাৰিআলিত মুকলি কৰা হয় ভাইজান ট্ৰেভেল এজেঞ্চি নামৰ ট্ৰেভেল সেৱা কেন্দ্ৰ। দৰং তথা অসমৰ ভিন্ন প্ৰান্তৰ পৰা বিদেশ ভ্ৰমণ বা হজ কৰিবলৈ সকলো ধৰণৰ সা-সুবিধা পাব এই কেন্দ্ৰত। মাত্ৰ ১লাখ ১০ হাজাৰ টকাত পাৰপত্ৰ, বিমানৰ টিকট, থকা-খোৱা, মক্কা আৰু মদিনা ভ্ৰমণৰ যাতায়ত সেৱাৰ লগতে সকলো সা-সুবিধাৰ তথা ইঞ্চুৰেঞ্চ সেৱা। এই ধনৰেই সুন্দৰভাৱে আদায় কৰিব পাৰিব উমৰাহ।
ইতিমধ্যে এই এজেঞ্চিৰ পৰা বহু হজ যাত্ৰীয়ে যাব ওলাইছে উমৰাহ হজলৈ। মুঠতে চলিত মাহত আৰু ৫টা গ্ৰুপ যাব উমৰাহত। প্ৰতি গ্রুপৰ লগত থাকিব এজনকৈ অভিজ্ঞ ব্যক্তি।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
