গোলাঘাট, ০৯ আগষ্ট (হি.স.)। আজি পবিত্ৰ ৰাখী পূৰ্ণিমা। ককাই ভাই ভনীৰ বাবে আজি এক বিশেষ দিন। ভাতৃ ভগ্নীৰ মৰমৰ বান্ধোনৰ দিন হিচাপে গণ্য কৰা হয় এই ৰাখীবন্ধনক। আজি এই বিশেষ দিনটোত গোলাঘাটত দেখা গ’ল এক বিশেষ দৃশ্য। ভাৰত চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হোৱা হৰ ঘৰ ত্ৰিৰংগা অনুষ্ঠানৰ এক বিশেষ অনুষ্ঠান হিচাপে গোলাঘাট জিলা প্ৰশাসনে সহযোগিতা কৰে ৰাখীবন্ধন দিনটো।
এই বিশেষ দিনটোতে গোলাঘাটৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক লগত লৈ গোলাঘাটৰ শালমৰা অঞ্চলত অৱস্থিত সশস্ত্ৰ সীমা বল (এছ এছ বি) চাউনীত বিদ্যালয়ৰ ছাত্ৰী সকলে কৰ্মৰত সেনা জোৱান সকলৰ হাতত নিজে প্ৰস্তুত কৰা একো একোডাল ৰাখী পিন্ধাই ।দেশমাতৃৰ সেৱাত নিয়োজিত জোৱান সকলে নিজ ঘৰখন পৰিয়াল ভাই ভনীৰ পৰা কৰ্তব্যৰ খাতিৰত আঁতৰত থকাৰ পাছতো আজিৰ বিশেষ দিনটোত ভাতৃ ভগ্নীৰ মৰমৰ বান্ধোনেৰে সদায় ভালদৰে দেশ মাতৃৰ সেৱাত ব্ৰতী থাকিবলৈও মংগল কামনা কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
