ইম্ফল (মণিপুৰ), ১৮ ডিছেম্বৰ (হি.স.): মণিপুৰ আৰক্ষীয়ে ৰাজ্যখনৰ ইম্ফল পূব, ইম্ফল পশ্চিম, থৌবাল আৰু কাকচিং জিলাত উলংঘনৰ সন্দৰ্ভত ৩১৪ জন লোকক আটক কৰে। অত্যাৱশ্যকীয় সামগ্ৰীৰ সৈতে ২ নং ৰাষ্ট্ৰীয় ঘাইপথত ২১৪ খন বাহনৰ চলাচল নিশ্চিত কৰা হৈছে বুলি আৰক্ষীয়ে সদৰি কৰে।
বাহনসমূহৰ বাধাহীন চলাচল নিশ্চিত কৰিবলৈ সকলো স্পৰ্শকাতৰ স্থানত কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। স্পৰ্শকাতৰ অঞ্চলসমূহত বৃহৎ সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। মণিপুৰৰ বিভিন্ন জিলাত পাহাৰ আৰু উপত্যকা দুয়োখন এলেকাত প্ৰায় ১৪১ টা চেকপইণ্ট আৰু চেক-পোষ্ট স্থাপন কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ/মনোজ
