হোজাই, ০১ ডিচেম্বৰ (হি.স.)। হোজাইৰ বিডিংবস্তি হাৱাইপূৰ বনাঞ্চলত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ এক যুৱকৰ মৃতদেহ।হোজাই আৰু শিলডুবি সংযোগী পথৰ হাৱাইপুৰ বনাঞ্চলত উদ্ধাৰ মৃতদেহটো।আজি পুৱা পৰিত্যক্ত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।বৰ্তমানলৈ পৰিচয় উদ্ধাৰ হোৱা নাই মৃত যুৱকজনৰ
।অন্য ঠাইত হত্যাকাণ্ড সংঘটিত কৰি উক্ত ঠাইত পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।মৃতদেহৰ ওচৰত উদ্ধাৰ এটা চিৰিঞ্জ আৰু খালি কনতেইনাৰ।ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
