নতুন দিল্লী, ১১ আগষ্ট (হি.স.)। ভাৰত সঞ্চাৰ নিগম লিমিটেডে সোমবাৰে চাৰিটা বিশ্বব্যাপী প্ৰযুক্তি কোম্পানী এৰিক্সন ইণ্ডিয়া প্ৰাইভেট লিমিটেড, কোৱালকম টেকন’লজিছ ইনকৰ্পৰেশ্যন, চিস্কো চিষ্টেমছ আৰু ন’কিয়া ছলিউচনছ এণ্ড নেটৱৰ্কছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ কেন্দ্ৰীয় যোগাযোগ আৰু উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ উপস্থিতিত অনুষ্ঠিত হয় এই অনুষ্ঠান।
এই চুক্তিসমূহৰ লক্ষ্য হৈছে ভাৰতৰ ডিজিটেল ৰূপান্তৰ ত্বৰান্বিত কৰা আৰু দক্ষতা বিকাশ ব্যৱস্থা শক্তিশালী কৰা। ইয়াৰ অধীনত জবলপুৰৰ বিএছএনএলৰ শীৰ্ষ প্ৰশিক্ষণ প্ৰতিষ্ঠান ভাৰত ৰত্ন ভীমৰাও আম্বেদকাৰ ইনষ্টিটিউট অৱ টেলিকম ট্ৰেইনিং (বিআৰব্ৰাইটিটি)ত ৫জি, কৃত্ৰিম বুদ্ধিমত্তা / মেচিন লাৰ্নিং, নেটৱৰ্কিং আৰু ডিজিটেল প্ৰযুক্তিৰ উন্নত প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হ’ব।
এই পদক্ষেপ দূৰসংযোগ বিভাগৰ (ডিওটি) বিস্তৃত পৰিকল্পনাৰ অংশ যাৰ অধীনত বিআৰবিআৰএআইটিটি (BRBRAITT)ত টেলিকম উদ্ভাৱন, গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ (টিআইআৰটিচি) স্থাপন কৰা হ’ব। ইয়াক গৱেষণা, উদ্ভাৱন আৰু টেলিকম খণ্ডত ভৱিষ্যতৰ বাবে সাজু কৰ্মশক্তি গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা উদ্যোগ নেতৃত্বাধীন ৰাষ্ট্ৰীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব। এই কেন্দ্ৰটো প্ৰধানমন্ত্ৰীৰ ‘স্কিল ইণ্ডিয়া’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি হ’ব।
নতুন দিল্লীত অনুষ্ঠিত এই অনুষ্ঠানত মধ্যপ্ৰদেশৰ ৰাজহুৱা কাম-কাজ মন্ত্ৰী ৰাকেশ সিং, দূৰসংযোগ সম্পাদক ড০ নীৰজ মিত্তল, বি এছ এন এলৰ জ্যেষ্ঠ বিষয়া আৰু অংশীদাৰ কোম্পানীসমূহৰ প্ৰতিনিধি উপস্থিত থাকে। এই চুক্তিত স্বাক্ষৰ কৰে বি এছ এন এলৰ পৰিচালন সঞ্চালক এ ৰবাৰ্ট জে ৰবিয়ে। তেওঁৰ সৈতে উপস্থিত থাকে ন’কিয়া ইণ্ডিয়াৰ দেশৰ মুৰব্বী তৰুণ ছাব্ৰা, চিস্কোৰ এম ডি হৰিশ কৃষ্ণন, এৰিক্সন ইণ্ডিয়াৰ এম ডি নীতিন বংছাল আৰু কোৱালকম ইণ্ডিয়াৰ সভাপতি সবি ছোনী।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
