
গোলাঘাট, ০৯ ডিচেম্বৰ (হি.স.): কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত পৰ্যটকসকলৰ সুবিধাৰ্থে সংযোজিত হ’ল ঘোঁৰা গাড়ী ৷ কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত এতিয়াৰে পৰা পৰ্যটকে ল’ব পাৰিব ঘোঁৰা গাড়ীত উঠাৰ আনন্দ ৷
ঘোঁৰাই টানি নিয়া দুচকীয়া গাড়ীত সুন্দৰকৈ ব্যৱস্থা কৰা হৈছে যাত্ৰী বহিবৰ পৰা আসন ৷ অৰ্কিড পাৰ্ক কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে এটা সময়ত যাতায়ত ব্যৱস্থাৰ একমাত্ৰ বাহন হিচাবে ব্যৱহৃত গৰু, ম’হ বা ঘোঁৰা গাড়ীৰ ধাৰণা নতুন প্ৰজন্মক দিয়াৰ প্ৰয়াস কৰি অৰ্কিড অৰ্কিড উদ্যানত সংলগ্ন কৰা হৈছে এই ব্যৱস্থা ৷ নতুনকৈ আৰম্ভ কৰা ঘোঁৰা গাড়ীয়ে পৰ্যটকক আকৰ্ষিত কৰিছে বুলি মন্তব্য কৰে অৰ্কিড পাৰ্ক কৰ্তৃপক্ষই ৷ নিশ্চিতভাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানৰ পৰ্যটন ক্ষেত্ৰত এই নৱ সংযোজনে আকৰ্ষণ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
