নতুন দিল্লী, ১২ আগষ্ট (হি.স.)। দিল্লী প্ৰিমিয়াৰ লীগ (ডি পি এল) ছিজন-২ৰ ১৯ সংখ্যক মেচত সোমবাৰে নিশা নৰ্থ দিল্লী ষ্ট্ৰাইকাৰছে অল ৰাউণ্ড প্ৰদৰ্শন আগবঢ়াই পশ্চিম দিল্লী লায়ন্সক ১১ ৰানত পৰাস্ত কৰে। এই খেলখন অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল।
প্ৰথমে বেটিং কৰি নৰ্থ দিল্লী ষ্ট্ৰাইকাৰছে নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেটত ১৬৫ ৰান সংগ্ৰহ কৰে। অ’পেনাৰ সৰ্থক ৰঞ্জনে ৪২টা বলত ৩৩ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে অৰ্জুন ৰাপাদিয়াই মাত্ৰ ২২টা বলত ৪০ ৰান (৩ চাৰি, ৩ ছয়) সংগ্ৰহ কৰে। যজস শৰ্মাই ১৫টা বলত ২৩ ৰান আৰু যশ ভাটিয়াই ১৭টা বলত ২২ ৰান সংগ্ৰহ কৰে। পশ্চিম দিল্লীৰ সৰ্বাধিক সফল বলাৰ মায়ংক গুছাইনে ১ অভাৰত মাত্ৰ ২ ৰানত ৩ উইকেট দখল কৰে।
লক্ষ্য খেদি ফুৰাৰ সময়ত পশ্চিম দিল্লী লায়ন্সৰ আৰম্ভণি দুৰ্বল হৈছিল আৰু দলটোৱে ১৩ ৰানত ২ উইকেট হেৰুৱাইছিল। অধিনায়ক হৰ্ষিত ৰাণা আৰু বিকাশ দীক্ষিতে আগতীয়াকৈ আঘাত দিয়ে। উইকেটৰক্ষক কৃষ্ণ যাদৱে ২৩ ৰান সংগ্ৰহ কৰি ইনিংছ চম্ভালিবলৈ চেষ্টা কৰিছিল যদিও ৰানৰ হাৰ বাঢ়ি গৈ থাকিল।
ইয়াৰ পাছতে বিস্ফোৰক বেটিং কৰি হৃতিক শ্বোকিনে ২৪টা বলত ৫১ ৰান (৫টা চাৰি, ৩ ছয়) সংগ্ৰহ কৰি মাত্ৰ ১৯টা বলত ৪৯ ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলিছিল। অৱশ্যে মিডল অভাৰত দিপাংছু গুলিয়াই তিনিটা গুৰুত্বপূৰ্ণ উইকেট আৰু অধিনায়ক ৰানাৰ মিতব্যয়ী অন্তিম অভাৰত লায়ন্সৰ ইনিংছ ১৫৪/৮ত স্তৱ্ধ কৰি দিয়ে।
চমু স্ক’ৰকাৰ্ড: নৰ্থ দিল্লী ষ্ট্ৰাইকাৰছ – ১৬৫/৯ (২০ অভাৰ), সৰ্থক ৰঞ্জন ৪২ (৩৩), অৰ্জুন ৰাপাদিয়া ৪০ (২২), মায়ংক গুছাইনে ৩/২
পশ্চিম দিল্লী লায়ন্স – ১৫৪/৮ (২০ অভাৰ), হৃতিক শ্বোকিন ৫১ (২৪), মায়ংক গোঁসাই ২৪ (২৪), দীপাংছু গুলিয়া ৩/৪৪
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
