নগাঁও, ০৩ আগষ্ট (হি.স.)। নগাঁও জিলাৰ বটদ্ৰৱাৰ ডুমডুমীয়াত এটি শিশু উদ্ধাৰ কৰা হৈছে। ডুমডুমীয়াৰ নৰ্থ ইষ্ট এডভান্স একাডেমীৰ সন্মুখত উদ্ধাৰ কৰা হয় কন্যা শিশুটো।
ডুমডুমীয়া আৰক্ষী পহৰা চকীৰ পৰা নাতি দূৰৈত উদ্ধাৰ হোৱা শিশুটোকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।
মৃত শিশুটো কোনোৱা অবৈধ মাতৃয়ে পেলাই থৈ গৈছে নে অপহৰণ কৰি হত্যা কৰিছে সেয়া স্পষ্ট হোৱা নাই। এইক্ষেত্ৰত আৰক্ষীৰ তদন্তত হে প্ৰকৃত সত্য পোহৰলৈ আহিব।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
