কোকৰাঝাৰ, ১৩ ছেপ্টেম্বৰ (হি.স.)। বিটিএডি নিৰ্বাচনত কোকৰাঝাৰ জিলাৰ ১২ চালাকাটি পৰিষদীয় সমষ্টিত তিনি কোনীয় যুজঁত অৱতীৰ্ণ হৈছে তিনি হেভিৱেট প্ৰাৰ্থী।
শাসকীয় দল ইউ পি পি এলৰ প্ৰাৰ্থী তথা পুৱ কোকৰাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছ্লাৰী, বিজেপিৰ প্ৰাক্তন জিলা সভানেত্ৰী কবিতা বসুমতাৰী আৰু বি পি এফৰ জ্যেষ্ঠ নেতা তথা পাৰিষদ দেৰহাছাৎ বসুমতাৰীৰ মাজত এই প্ৰতিদ্বন্দ্বিতা।
দলৰ মাজত চলি আছে অঘোষিত যোগদান প্ৰতিযোগিতা। শুকুৰবাৰে নিশা চালাকাটি সমষ্টিৰ ঢোলমাৰাত অনুষ্ঠিত যোগদান কাৰ্যসূচীত আনুষ্ঠানিকভাৱে ইউ পি পি এলত যোগ দিলে বি পি এফৰ কেইবাগৰাকী যুৱ শাখাৰ নেতা কৰ্মীয়ে।
দললৈ আদৰণি জনায় ইউ পি পি এলৰ প্ৰাৰ্থী লৰেঞ্চ ইছলাৰীৰ দাবী, এইবাৰ চালাকাটি সমষ্টি এশ শতাংশ ইউ পি পি এলৰ দখলত থকা নিশ্চিত।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
