নগাঁও, ২৭ নৱেম্বৰ (হি.স.)। নগাঁও জিলাৰ জুৰীয়া থানাৰ অন্তৰ্গত কেন্দুগুৰী গাঁৱৰ পৰা দুই সন্তাৰ মাতৃ নিৰুদ্দেশ হোৱা ঘটনাই পৰিয়ালত হাহাকাৰ সৃষ্টি হয়।জানিব পৰা মতে, কেন্দুগুৰী গাঁৱৰ শ্বাকিৰ আহমেদৰ পত্নী জাহানাৰা বেগমে পুত্ৰ সন্তান এটি লগত লৈ যোৱা ২৪ তাৰিখে ৰাতি স্বামীৰ গৃহৰ পৰা নিৰুদ্দেশ হয়।
স্বামী শ্বাকিৰ আহমেদে ওচৰ চুবুৰীয়াৰ ঘৰত বিচাৰ – খোঁচাৰ কৰি সন্ধান লাভ কৰিব নোৱাৰি উপায়ান্তৰ হৈ শাহুৱেকৰ ঘৰত খবৰ ল”ব যাওতে পত্নীৰ পৰিয়ালৰ লোকে শাৰীৰিক ও মানসিক অপদস্ত কৰাৰ লগতে মাৰপিট কৰি ল”ৰাৰ পৰিয়ালক খবৰ দি সমজাই দিয়ে লগতে কয় যে পৰৱৰ্তী সময়ত বোৱাৰী জনীৰ খবৰ ল”ব আহিলে প্ৰাণে মাৰাৰ ভাবুকি দিয়ে। প্ৰাণে মাৰাৰ ভাবুকি দিয়াৰ পিছতো স্বামী শ্বাকিৰ আহমেদৰ পুত্ৰ সন্তান টি শাহুৱেকৰ ঘৰত আছে বুলি খবৰ পাই শাহুৱেকৰ ঘৰৰ পৰা আনিব যোৱাৰ পিছৰ পৰা আজি লৈকে নিৰুদ্দেশ হৈ আছে শ্বাকিৰ আহমেদ। ঘটনা সন্দৰ্ভত স্বামীৰ পৰিয়ালৰ লোকে জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। যদি কোনোবা লোকে এই দুজন পতি পত্নীৰ সন্ধান পায় তেন্তে জুৰীয়া আৰক্ষী থানাত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
