কামৰূপ, ২৫ নৱেম্বৰ (হি.স.)। ৰঙিয়াত আজি অনুষ্ঠিত বিজেপিৰ মহা যোগদান কাৰ্যসূচী।প্ৰয় সহস্ৰাধিক লোকে আজি পিন্ধিব গেৰুৱা বসন।
যোগদান কাৰ্যসূচীৰ পূৰ্বে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ শক্তি প্ৰদৰ্শন ।ৰঙিয়া চহৰৰ সো-মাজেৰে উলিয়াইছে বিশাল পদযাত্ৰা।পদযাত্ৰাত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ দিলীপ শইকীয়াৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা।কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত উলিয়াই বিশাল পদযাত্ৰা।ৰঙিয়া মুৰৰা চকৰ পৰাই হিন্দী হাইস্কুল খেল পথাৰলৈ প্ৰায় তিনি কিলোমিটাৰ পদযাত্ৰা কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
