আবেগ ভোটেৰে এতিয়া চৰকাৰ সলাব নোৱাৰে
বৰপেটা, ০৫ ডিচেম্বৰ (হি.স.)। বজালীৰ বাঘমাৰাত আজি উপস্থিত পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিতকুমাৰ দাসৰ।উপস্থিত হৈ সংবাদমাধ্যমৰ আগত বিৰোধীক তীব্ৰ কটাক্ষ কৰা দেখিবলৈ পোৱা যায়।
তিনি ৰাজ্যত বিজেপিৰ জয়ী, এই জয় আমাৰ সকলো ভাৰতীয় জনসাধাৰণৰ জয়। এই জয়ৰ নেতৃত্ব দিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ৰাইজে এতিয়া বুজি উঠিছে, শিক্ষা লাভ কৰিছে।আবেগ ভোটেৰে এতিয়া চৰকাৰ সলাব নোৱাৰে ।সমগ্ৰ ভাৰতবৰ্ষতে বিবেক ভোট প্ৰয়োগ হৈছে। এনেদৰে মন্ত্ৰী ৰঞ্জিতকুমাৰ দাসে বিৰোধীক সমালোচনা কৰা দেখিবলৈ পোৱা যায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
