
গোলাঘাট, ২৯ নৱেম্বৰ (হি.স.): মীন পালনেৰে স্বাৱলম্বী হৈ পৰিছে শিক্ষিত একাংশ যুৱক। একাংশ শিক্ষিত নিবনুৱা আৰু উদ্যোগী যুৱকে চৰকাৰী চাকৰিলৈ বাট নাচাই দেৰগাঁও ৪ নং ৱাৰ্ডস্থিত কান্তিৰাম নাথ মীন পাম সমবায় সমিতি লিমিটেডৰ অধীনত মৎস্য উৎপাদানেৰে স্বাৱলম্বিতাৰ পৰিচয় দিছে ।
দেৰগাঁও ৪ নং ৱাৰ্ডস্থিত কান্তিৰাম নাথ মীন পাম সমবায় সমিতি লিমিটেডৰ সভাপতি ভৰত নাথ আৰু সম্পাদক অচ্যুত নাথৰ নেতৃত্বত এই শিক্ষিত যুৱক সকলে বিগত কেইবা বছৰ ধৰি কৰি আহিছে মৎস্য উৎপাদনৰ ব্যৱসায়। দেৰগাঁও মাজমজিয়াত থকা প্ৰায় ১০ বিঘাৰো অধিক মাটিত ফুকন পুখুৰী নামেৰে জনাজাত পুখুৰীটোত ভৰত নাথৰ নেতৃত্বত এটা ৩৬ জনীয়া দলৰ যুৱক যুৱতীয়ে কৰি আহিছে এই ব্যৱসায়। বিভিন্ন প্ৰজাতিৰ মাছ পালন কৰি প্ৰত্যেক বছৰে কেইবা কুইণ্টেলৰো মাছ বিক্ৰী কৰি সকলো সদস্যই নিজৰ পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু বৰ্তমানলৈকে পোৱা নাই কোনো ধৰণৰ চৰকাৰী সাহাৰ্য।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
