
–৭০০০ নাচনীয়ে একেলগে প্ৰদৰ্শন কৰিব কৃষ্টি
কোকৰাঝাৰ, ০৬ নৱেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰাৰ ড° ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত অহা ২৭ , ২৮ আৰু ২৯ ডিচেম্বৰত তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ ত্ৰিবাৰ্ষিক অধিবেশন । অধিবেশনখন সৰ্বাংগ সুন্দৰ কৰি তুলিবলৈ এতিয়াৰে পৰা ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।
এই অধিবেশনৰ অন্তিম দিনৰ কাৰ্যসূচীত ৭ হাজাৰ নাচনিয়ে একেলগে নাথ-যোগীৰ কৃষ্টি প্ৰদৰ্শন কৰিব । এই উপলক্ষে আজিৰে পৰা ড° ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে নাচনি সকলৰ প্ৰশিক্ষণ কাৰ্যসূচী ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
