ধুবুৰী, ০৫ নৱেম্বৰ (হি.স.): ধুবুৰী জিলাৰ তামাৰহাটত শনিবাৰে নিশা আৰক্ষীৰ গুলীত আহত হয় এজন গো মাফিয়া। লগতে তামাৰহাট আৰক্ষীয়ে ৮ টা চোৰাং গৰুসহ আন দুজনক গ্ৰেপ্তাৰ কৰে। ধৃত দ্বয় অসম বংগ সীমান্তৰ কুকিলা ডাঙ্গাৰ মিজানুৰ ৰহমান মিঞা আৰু আলমগঞ্জৰ অষ্টমী চৰৰ চাহাবৰ প্ৰমাণিক । ইফালে আৰক্ষীৰ এনকাউন্টাৰত আহত গো মাফিয়া ছায়েদ আলী ওৰফে লেঙাক ধুবুৰী মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে। পিছত সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ লৈ প্ৰেৰণ কৰা হয়।
প্ৰাপ্ত তথ্যমতে, আৰক্ষীৰ বাধা নেওচি গাড়ী এৰি পলাবলৈ কৰোতেই গো লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে। তামাৰহাট আৰক্ষী থানাৰ অন্তৰ্গত ধুতুৰামাৰীত সংঘটিত হয় এই ঘটনা। উল্লেখ্য যে গো মাফিয়াজনৰ শৰীৰত তিনিজাই গুলী লাগিছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে লগতে এএছ ১৬ কে ৬৭২৭(ৱাগনাৰ) আৰু এএছ ১৭ চি ২৫১৮ (বলেৰো) নম্বৰৰ দুখন বাহন জব্দ কৰে। বাহনখনত তিৰপালেৰে ঢাকি ভৰি-মুখ বান্ধি আনিছিল পশুধনসমূহ।
মন কৰিবলগীয়া যে ভাৰত বাংলাদেশ সীমান্তত নিতৌ নতুন নতুন কৌশলেৰে সৰবৰাহ হৈ আছে চোৰাং গৰু।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
