
গোলাঘাট, ১৭ নৱেম্বৰ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱত উপস্থিত হৈছে জনগোষ্ঠীয় সাংস্কৃতি ঐক্য মঞ্চ অসমৰ সাংস্কৃতিক ঐক্য যাত্ৰাৰ দল । জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ উদ্যোগত উজনিৰ ৰাজীৱ শদিয়াৰ সমাধিস্থলৰ পৰা উলিওৱা সাংস্কৃতিক ঐক্য যাত্ৰাৰ দল আহি যোৱা কালি দেওবাৰে সন্ধিয়া উপস্থিত হয় দেৰগাঁৱত।
জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চই সকলো জনগোষ্ঠীক সাংস্কৃতিক ভাৱে একত্ৰিত কৰি বৰ অসম গঢ়াৰ লক্ষ্যৰে আৰম্ভ কৰিছে এই সাংস্কৃতিত ঐক্য যাত্ৰা । এই যাত্ৰাৰ অন্ত পৰিব সত্ৰ নগৰী মাজুলীত। যোৱা ১০ নৱেম্বৰৰ পৰা ৩৪ দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আৰম্ভ কৰা এই যাত্ৰা ১৩ ডিছেম্বৰত মাজুলীত সামৰণি পৰিব ।
জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৰে মাজত একতাৰ বান্ধোন সৃষ্টি কৰি বৰ অসম গঢ়াটোৱে মূল লক্ষ্য হৈছে ঐক্য যাত্ৰাৰ। সংস্কৃতিৰ মাধ্যমেৰে অসমীয়া জাতিটো এক কৰাৰ লক্ষ্যৰে আগবাঢ়িছে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসম। গণশিল্পী ৰাজীৱ শদিয়াই অসমীয়া জাতিটোৰ কথা চিন্তা কৰিয়ে বহু গীত ৰচনা কৰিছিল সেয়ে তেওঁৰ সমাধিস্থলৰ পৰাই আৰম্ভ কৰা হৈছে এই ঐক্য যাত্ৰা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু গণশিল্পী ৰাজীৱ শদিয়াৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সমগ্ৰ অসমবাসীক একত্ৰিত কৰি বৰ অসম গঢ়াৰ উদ্দেশ্যেৰে ৰাজীৱ শদিয়াৰ সমাধিস্থলৰ পৰা গোটেই অসমতে এই যাত্ৰা কৰা দেখা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
