পাটনা, ০৪ নৱেম্বৰ (হি.স.)। বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অহা ৬ নৱেম্বৰত অনুষ্ঠিত হ’ব। ফলস্বৰূপে আজি সন্ধিয়া সামৰণি পৰিব প্ৰচাৰ কাৰ্যসূচী। সকলো দলেই এই প্ৰচাৰত নিজৰ সম্পূৰ্ণ প্ৰচেষ্টা চলাইছে। নেতাসকলে ৰেলী আৰু জনসাধাৰণৰ প্ৰচাৰ চলাইছে। প্ৰাৰ্থীসকলে নিজৰ পক্ষত ভোটাৰক সংগঠিত কৰাত ব্যস্ত হৈ পৰিছে।
প্ৰথম পৰ্যায়ত ১৮খন জিলাৰ ১২১টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই ১২১ খন আসনত মুঠ ৩,৭৫,১৩,৩০২ জন ভোটাৰ আছে। ইয়াৰ ভিতৰত ১,৯৮,৩৫,৩২৫ জন পুৰুষ আৰু ১,৭৬,৭৭,২১৯ গৰাকী মহিলা, ১৯,০৯৬ জন সেৱা ভোটাৰ, ৩,২২,০৭৭ জন দিব্যাংগ ভোটাৰ, ৬,৭৩৬ জন ১০০ বছৰৰ ওপৰৰ ভোটাৰ আৰু ৭৫৮ জন তৃতীয় লিংগৰ ভোটাৰ।
প্ৰথম পৰ্যায়ত ১২২ গৰাকী মহিলা আৰু ১,১৯২ গৰাকী পুৰুষ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা –
প্ৰথম পৰ্যায়ৰ সামৰণি পৰিব লগা প্ৰচাৰ অভিযানৰ অঞ্চলত প্ৰতিদ্বন্দ্বিতা কৰা বিশিষ্ট নেতাৰ ভিতৰত উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু বিজয় কুমাৰ সিনহা দুয়োগৰাকীয়েই অন্যতম। ১৫জন মন্ত্ৰীৰ ভাগ্যও প্ৰথম পৰ্যায়ত নিৰ্ণয় কৰা হ’ব। বিজয় কুমাৰ চৌধুৰী, শ্ৰৱণ কুমাৰ, মংগল পাণ্ডে, মদন সাহনী, নীতিন নবীন, মহেশ্বৰ হাজৰী, সুনীল কুমাৰ, ৰতনেশ সাদা, কেদাৰ প্ৰসাদ গুপ্তা, সুৰেন্দ্ৰ মেহতা, সঞ্জয় সৰৱাগী, ড° সুনীল কুমাৰ, জীৱেশ কুমাৰ, ৰাজু কুমাৰ সিং, আৰু কৃষ্ণ কুমাৰ মাণ্টুৰ ভাগ্য ভোটাৰে সিদ্ধান্ত ল’ব ৬ নৱেম্বৰত বিহাৰ বিধানসভাৰ উপ অধ্যক্ষ নৰেন্দ্ৰ নাৰায়ণ যাদৱ, ৰাম কৃপাল যাদৱ, শ্যাম ৰজক, অনন্ত সিং, অমৰেন্দ্ৰ পাণ্ডে, হৰিনাৰায়ণ সিং, উমেশ কুশৱাহা, আৰু শ্ৰেয়াসী সিং আদিয়ে।
শান্তিপূৰ্ণ নিৰ্বাচন নিশ্চিত কৰাৰ বাবে নিৰ্বাচন আয়োগে প্ৰথম পৰ্যায়ৰ বাবে ১২১ জন জেনেৰেল, ১৮ জন আৰক্ষী আৰু ৩৩ জন ব্যয় পৰ্যবেক্ষক নিযুক্তি দিছে। প্ৰথম পৰ্যায়ত ক্ষেত্ৰফল অনুসৰি আটাইতকৈ সৰু সমষ্টিটো হৈছে বাংকিপুৰ বিধানসভা সমষ্টি, যাৰ মুঠ মাটিকালি ১৬.২৩৯ বৰ্গ কিলোমিটাৰ, আনহাতে আটাইতকৈ ডাঙৰ সমষ্টিটো হৈছে সূৰ্য্যগড় বিধানসভা সমষ্টি, যাৰ মুঠ মাটিকালি ৬২৪.৭৫১ বৰ্গ কিলোমিটাৰ। ভোটাৰৰ ভোটদানৰ হিচাপত আটাইতকৈ সৰু সমষ্টিটো হৈছে বৰবিঘা বিধানসভা সমষ্টি, ২,৩১,৯৯৮ জন। ইফালে ডিঘা বিধান সভা সমষ্টিত সৰ্বাধিক ভোটাৰৰ সংখ্যা হৈছে ৪,৫৭,৬৫৭ জন। মুজাফ্ফৰপুৰ জিলাৰ কুধনী বিধান সভা সমষ্টিত সৰ্বাধিক প্ৰাৰ্থী ২০ জনকৈ প্ৰাৰ্থী হোৱাৰ বিপৰীতে ভোৰ, আলাউলী আৰু পাৰ্বাট্টা বিধানসভা সমষ্টিত সৰ্বনিম্ন সংখ্যক পাঁচজনকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
মুঠ ৪৫,৩২৪টা বুথ স্থাপন কৰা হৈছে, য’ত গ্ৰামাঞ্চলত ৩৬,৭৩৩টা আৰু চহৰ অঞ্চলত ৮,৬০৮টা বুথ স্থাপন কৰা হৈছে। ৯২৬টা বুথ মহিলা আৰু ১০৭টা বিশেষভাৱে সক্ষম ব্যক্তিৰ দ্বাৰা পৰিচালিত হ’ব। ৩২০টা মডেল বুথ সৃষ্টি কৰা হৈছে। এই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিটো বুথত গড়ে ৮২৭ জন ভোটাৰ আছে।
উল্লেখ্য যে ২৪৩ জনীয়া বিহাৰ বিধানসভাৰ দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন। ৰাজ্যখনত প্ৰথম পৰ্যায়ত (৬ নৱেম্বৰ, ২০২৫) ১২১খন বিধানসভাৰ আসনৰ ভোট গ্ৰহণ কৰা হ’ব। ইফালে দ্বিতীয় পৰ্যায়ত ১১ নৱেম্বৰত ১২২ খন বিধানসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব। আনহাতে ১৪ নৱেম্বৰত বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা হ’ব। ইয়াৰ লগে লগে ১৬ নৱেম্বৰত নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
