
ডিব্ৰুগড়, ২১ আগষ্ট (হি.স.)। সফলতাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে তাকেই যেন প্ৰমাণ কৰি দেখুৱালে টিংখাঙৰ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ছাত্ৰই। সৰ্বভাৰতীয় নীট (NEET) পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ টিংখাঙৰ ৰতনপুৰ বাঁহনী গাঁৱলৈ গৌৰৱৰ কঢ়িয়াই আনিলে দ্বীপেন বিশ্বকৰ্মা নামৰ মেধাৱী ছাত্রগৰাকীয়ে।
দৰিদ্ৰতাই জুৰুলা কৰা মেধাৱী ছাত্র দ্বীপেন বিশ্বকৰ্মাই সৰুৰে পৰা চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছিল । অৱশেষত দ্বীপেনে বৰপেটা ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত এমবিবিএছ অধ্যয়নৰ সুযোগ লাভ কৰিছে। পুত্ৰৰ সাফল্যত পিতৃ মাতৃ ও পৰিয়ালবৰ্গ আনন্দত আত্মহাৰা হৈ পৰিছে ৷ পিতৃ পদ্ম বিশ্বকৰ্মা আৰু মাতৃ সুচিলা বিশ্বকৰ্মাই পুত্ৰ দ্বীপেনক এখন সৰু গেলামাল দোকান দি অতি কষ্টৰে পুত্ৰক পঢ়ুৱাইছিল। ছাত্ৰজনৰ এই সফলতাত অঞ্চলটোৰ বিভিন্ন ব্যক্তি বিশেষে অভিনন্দন জনাইছে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
