গুৱাহাটী, ২০ আগষ্ট (হি.স.)। এসময়ত সংযুক্ত মুক্তি বাহিনী, অসমৰ সৈতে জড়িত ৩৮ গৰাকী লোকক দোষমুক্ত ঘোষণা কৰিছে টাডা আদালতে। টাডা (টেৰৰিষ্ট এণ্ড ডিচৰাপটিভ এক্টিভিটিজ ( প্ৰিভেনচন) এক্ট) গোচৰত ৩৮ গৰাকী প্ৰাক্তন আলফাৰ নেতা সদস্যক দোষমুক্ত কৰিছে আদালতে।
বুধবাৰে ৩৫ বছৰৰ পাছত ৪৩/২০০১ নং গোচৰৰ ৰায়দান ঘোষণা কৰা হয়। অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, শশধৰ চৌধুৰীক দোষমুক্ত ঘোষণা কৰে আদালতে। আলফা নেতা প্ৰদীপ গগৈ, শশধৰ চৌধুৰী, সুনীল নাথক দোষমুক্তৰ ৰায় প্ৰদান কৰা হয়। একেদৰে, কল্পজ্যোতি নেওগ, ৰাজু বৰুৱা, মুনীন নবীশ, অনাদৰ ঠাকুৰীয়াকো দোষমুক্ত ঘোষণা কৰা হৈছে।
১৯৯১ চনত দিছপুৰ থানাই পঞ্জীয়ন কৰিছিল গোচৰটো। ২০০১ চনৰ পৰা টাডা আদালতত বিচাৰ চলিছিল গোচৰটোৰ। ৪৩/২০০১ নং টাডা গোচৰটোত মুঠ ৪৫ অভিযুক্ত আছিল। ৪৫গৰাকী অভিযুক্তৰ ভিতৰত পৰেশ বৰুৱাসহ ৩ জন বৰ্তমানো পলাতক।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী
