
শিৱসাগৰ, ২৫ ডিচেম্বৰ (হি.স.)। আজি পৱিত্ৰ বৰদিন। উত্তৰ পূৰ্বৰ প্ৰথমটো গীৰ্জাঘৰ শিৱসাগৰৰ ১৮০ বছৰীয়া ঐতিহাসিক গীৰ্জাঘৰত আজি উলহ-মালহেৰে উদযাপন পৱিত্ৰ বৰদিন।
সমগ্ৰ বিশ্বৰ লগতে আজি শিৱসাগৰতো খ্ৰীষ্টান ধৰ্মালম্বী লোক সকলৰ পৱিত্ৰ উৎসৱ বৰদিন উদযাপন কৰা হৈছে।এই উপলক্ষে আজি শিৱসাগৰ নগৰৰ বৰপুখুৰী পাৰত থকা গীৰ্জা ঘৰত পৰম্পৰাগত ৰীতি নীতিৰে পৱিত্ৰ বৰদিন উদযাপন কৰা হয়।১৮৪৫ চনত প্ৰতিষ্ঠা লাভ কৰা ১৮০ বছৰীয়া পুৰণি গীৰ্জা ঘৰত আজি এই উপলক্ষে সমূহীয়া প্ৰাৰ্থনাৰ আয়োজন কৰা হয়। জিলা খনৰ ভিন্ন প্ৰান্তৰ পৰা অহা খ্ৰীষ্টান ধৰ্মালম্বী লোক সকলৰ উপস্থিতত ইয়াৰ পাছতে প্ৰভু যীশুৰ স্তুতি, কেৰল পাঠ আদিকে ধৰি অনুষ্টুপীয়া কৈ কাৰ্যসূচীৰ আয়োজন কৰা হয়।
ইফালে বৰদিন উপলক্ষে শিৱসাগৰ বৰপুখুৰী অৱস্থিত গীৰ্জাঘৰ আগৰ দৰে নাই উৎসাহ উদ্দিপনা। সুদূৰ আমেৰিকাৰ পৰা অহা ৰেভাৰৰেণ্ড নাথান ব্ৰাউন আৰু অলিভাৰ কট্টাৰৰ পৰিয়াল দুটিয়ে শিৱসাগৰত বসতি কৰিবলৈ লৈছিল । পিছত পৰিয়াল দুটাৰ সৈতে ৱাৰ্জাৰ নামৰ আন এটা পৰিয়াল একেলগ হৈ ১৮৪১ চনৰ পৰা শিৱসাগৰত মিছন কেন্দ্ৰ স্থাপন কৰি ধৰ্ম প্ৰচাৰৰ দিশত মনোনিৱেশ কৰে। এটা সময়ত শিৱসাগৰ জিলাত খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকৰ সংখ্যা বৃদ্ধি হোৱাত ১৮৪৫ চনৰ ২৬ জানুৱাৰীত প্ৰতিষ্ঠা কৰা হয় শিৱসাগৰৰ ঐতিহাসিক গীৰ্জাঘৰটো।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
