নলবাৰী, ১৭ ছেপ্টেম্বৰ (হি.স.)। নলবাৰী জিলাৰ টিহুৰ ভাল্লা চ’কত মঙ্গলবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । তীব্ৰ বেগী বাইক আৰোহিয়ে মহতিয়ালে চাইকেল আৰোহিক । এই ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আহত হয় আন দুজন।
জানিব পৰা মতে এএছ ১৪ পি ৫০২১ নম্বৰৰ বাইক আৰোহি টিহু মেগা ফুড পাৰ্কৰ বাৰ্জাৰ পেইন্ট কোম্পানীৰ কৰ্মচাৰী ধ্ৰুৱ কলিতাই মহতিয়াই নিয়ে খনিকৰ খাকলাৰী, নৰেশ বসুমতাৰী আৰু শিৱেন কলিতা নামৰ তিনি চাইকেল আৰোহিক । দুৰ্ঘটনাত খনিকৰ খাকলাৰী, নৰেশ বসুমতাৰী শিৱেন কলিতা গুৰুতৰভাবে আহত হয়। আহত সকলক প্ৰথমে টিহু প্ৰাথমিক প্ৰেৰণ গোট চিকিৎসালয়ত ভৰ্তি কৰি পিছত উন্নত চিকিৎসাৰ বাবে নলবাৰী লৈ প্ৰেৰণ কৰে । নলবাৰীত নৰেশ বসুমতাৰী নামৰ চাইকেল আৰোহি গৰাকীক চিকিৎসকে মৃত ঘোষণা কৰে আৰু আন এগৰাকী গুৰুতৰভাবে আহত চাইকেল আৰোহি খনিকৰ খাকলাৰীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ প্ৰেৰণ কৰিছে ।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
