গোলাঘাট, ২৪ জুলাই (হি.স.): সৰুপথাৰ সমজিলাত যোৱাকালি বুধবাৰে বিয়লি এখন সভাযোগে গো-মাংস বৰ্জন কৰিলে খিলঞ্জীয়া মুছলমানসকলে ৷ বৰপথাৰ, সৰুপথাৰ, ইকৰাণি, নাওজান, উৰিয়ামঘাট মছজিদ সমিতি আৰু ৰাজহ অঞ্চলৰ জামাত আঞ্চলিক সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷
সৰুপথাৰ ব্লক প্ৰেক্ষাগৃহত বিধায়ক বিশ্বজিৎ ফুকনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত এই সিদ্ধান্তৰ কথা ঘোষণা কৰা হয় ৷ উৰিয়ামঘাটত অসম চৰকাৰে কৰিবলগীয়া উচ্ছেদত পূৰ্ণ সমৰ্থন জনাইছে খিলঞ্জীয়া মুছলমানসকলে ৷ কোনো কাৰণতে উচ্ছেদিতক সুৰক্ষা প্ৰদান নকৰে খিলঞ্জীয়া মুছলমানসকলে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
