ইম্ফল, ২৪ জুলাই (হি.স.)। মণিপুৰত যোৱা ২৪ ঘণ্টাৰ ভিতৰত নিৰাপত্তা বাহিনীয়ে বিভিন্ন স্থানৰ পৰা কেইবাটাও উগ্ৰপন্থী সংগঠনৰ কেডাৰক গ্ৰেপ্তাৰ কৰিছে। এই আটাইকেইজনেই নিষিদ্ধ সংগঠনৰ সৈতে সম্পৰ্কিত আৰু ৰাজ্যত ধন দাবী আৰু অন্যান্য অবৈধ কাম-কাজত জড়িত আছিল।
আৰক্ষীৰ মুখপাত্ৰই বৃহস্পতিবাৰে অৱগত কৰে যে কেচিপি (টি) ফৈদৰ দুজন উগ্ৰপন্থীক শিক্ষানুষ্ঠান, চৰকাৰী বিভাগ আৰু সাধাৰণ নাগৰিকৰ পৰা ধন আদায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত দ্বয়ক কঞ্জেংবাম কান্ত মেইটেই (২৩) আৰু ছানাটম্বা আহাবাম ওৰফে চানা ওৰফে টম্বা (২৪) বুলি চিনাক্ত কৰা হৈছে। দুয়োজনেই ইম্ফল পশ্চিমৰ বাসিন্দা।
আন এক অভিযানত কাকচিঙৰ চিৰেন মায়াই লাইৰাকৰ পৰা প্রিপাক (প্র’) সংগঠনৰ উগ্রপন্থী সোৰোখাইবাম অলেন মেইটেই (১৮) ওৰফে থ’ইবা ওৰফে অকংগাকপাক গ্ৰেপ্তাৰ কৰা হয় ৷
ইফালে কেচিপি (পিডব্লিউজি) আউটফিটৰ ইম্ফল ইষ্টৰ বাসিন্দা ছানাবাম ইবুংগো মেইটেই (২৭) ওৰফে লাংগাম্বাক গ্ৰেপ্তাৰ কৰা হয়। উপত্যকা অঞ্চলৰ পেট্ৰ’ল পাম্পৰ পৰা ধন দাবীত জড়িত আছিল। তেওঁৰ পৰা এটা মোবাইল ফোন, ৭টা কেচিপি (পিডব্লিউজি) ডিমাণ্ড নোট আৰু অন্যান্য সামগ্ৰী জব্দ কৰে।
আন এক পদক্ষেপত কেচিপি (এম চি) আউটফিটৰ বিষ্ণুপুৰ ৱাৰ্ড নং ৮ নিবাসী হিদাংমায়ুম নাওচা শৰ্মা (৩৫) (বৰ্তমানৰ ঠিকনাঃ সয়াং বড়ী লাইৰাক)ক ব্যৱসায়ীৰ পৰা ধন আদায় কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয়।
যৌথ অভিযানত ইম্ফল ইষ্টৰ টেলৌ মায়াই লাইৰাকৰ বাসিন্দা ৱাৰিবম অজয় সিং (২৫) ওৰফে লাইচেম্বা নামৰ আৰ পি এফ/পি এল এ সংগঠনৰ সদস্যক লেম্পেল থানা এলেকাৰ তৃতীয় খণ্ডৰ লংগোল মেইটেই লাইৰাকৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।
আন এটা অভিযানত টেংগন’পাল জিলাৰ মৰেহ থানা এলেকাৰ সীমান্ত স্তম্ভ ৭৩(১০) আৰু ৭৩(১১)ৰ মাজৰ বনাঞ্চলৰ পৰা প্ৰিপাক আৰু পিএলএ আউটফিটৰ এজনকৈ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হয়। আটকাধীন উগ্ৰপন্থী কেইজন হ’ল প্ৰিপাক সদস্য কাকচিং খুনৌ গাঁৱৰ বাসিন্দা থিংনাম আমুজাও সিং (৫৭) ওৰফে মুনাল আৰু পিএলএ সংগঠনৰ সৈতে জড়িত ইম্ফল পূৱৰ গোৱালতাবি লামলাইৰ বাসিন্দা কংজাম মোটেয়া মেইটেই (৩৩) ওৰফে তামথৌবা ।
ইয়াৰ পূৰ্বে ইউকেএনএ সংগঠনৰ এজন উগ্ৰপন্থী তামেংলঙৰ খুপুমৰ মলপাহী নিবাসী বয়থং খোংছাই (২৯) নামৰ এজন উগ্ৰপন্থীক চাণ্ডেল থানা এলেকাৰ চুগনু-চাণ্ডেল ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।
ৰাজ্যত উগ্ৰপন্থী কাৰ্যকলাপ ৰোধৰ বাবে নিৰাপত্তা বাহিনীৰ এই অভিযান ধাৰাবাহিকভাৱে তীব্ৰতৰ কৰি তোলা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
