মানচেষ্টাৰ, ২৪ জুলাই (হি.স.)। মানচেষ্টাৰত চলি থকা চতুৰ্থ টেষ্ট মেচখনৰ প্ৰথম দিনাই আঘাতপ্ৰাপ্ত হৈ অৱসৰ লোৱা ভাৰতৰ উপ-অধিনায়ক ঋষভ পন্তৰ সোঁ ভৰিৰ আঙুলি ভাঙি যোৱাটো নিশ্চিত হৈছে। এই আঘাত সম্পূৰ্ণৰূপে ভাল হ’বলৈ প্ৰায় দুমাহ সময় লাগিব পাৰে। অৱশ্যে পন্ত এতিয়াও দলীয় শিবিৰৰ অংশ হৈ আছে আৰু খেলপথাৰ এৰি যোৱা নাই। বৰ্তমান তেওঁ ভৰিখনত ওজন দিব পৰা নাই, যাৰ বাবে এই টেষ্টৰ বাকী অংশৰ বাবে তেওঁৰ উপলব্ধতাক লৈ গুৰুতৰ সন্দেহৰ সৃষ্টি হৈছে।
প্ৰথম দিনৰ অন্তিম অধিবেশনত ক্ৰীছ ৱ’কেছৰ ডেলিভাৰী ৰিভাৰ্ছ ছুইপ কৰিবলৈ চেষ্টা কৰাৰ সময়তে এই আঘাতৰ সন্মুখীন হয় পণ্ট। সেই সময়ত তেওঁ ৩৭ ৰানত বেটিং কৰি আছিল। ইংলেণ্ডেও তেওঁক আউট কৰিবলৈ ডি আৰ এছ লৈছিল যদিও ৰিপ্লেত ভিতৰৰ প্ৰান্ত স্পষ্টকৈ দেখা গৈছিল। কিন্তু আঘাতৰ বাবে তেওঁ বেটিং অব্যাহত ৰাখিব নোৱাৰি বাগীত উঠি খেলপথাৰৰ বাহিৰলৈ লৈ যোৱা হয়। এই শৃংখলাত ভাৰতৰ ক্ৰমাৎ বৃদ্ধি পোৱা ফিটনেছৰ সমস্যাত এই আঘাত আন এক বিপৰ্যয়। ফাষ্ট বলাৰ আকাশ দীপ (উৰুৰ আঘাত) আৰু আৰ্শদীপ সিং (আঙুলিৰ আঘাত) ইতিমধ্যে এই টেষ্টৰ পৰা বাদ পৰাৰ ফলত অংশুল কামবোজে অভিষেক ঘটাৰ সুযোগ লাভ কৰিছে।
ইয়াৰ পূৰ্বে পণ্টে লৰ্ডছ টেষ্টতো আঙুলিৰ আঘাতৰ বাবে উইকেট ৰাখিব পৰা নাছিল। পাঁচখন খেলৰ শৃংখলাত ১-২ ব্য়ৱধানত পিছ পৰি থকা ভাৰতৰ বাবে এই সতেজ আঘাত আৰু অধিক চিন্তাৰ কাৰণ হৈ পৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
