• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫২ সংখ্যক ওপজা দিন – বাণ থিয়েটাৰৰ উদ্যোগত ছটাকৈ জাতীয় অনুষ্ঠানৰ স্মৰণ
Regional

সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫২ সংখ্যক ওপজা দিন – বাণ থিয়েটাৰৰ উদ্যোগত ছটাকৈ জাতীয় অনুষ্ঠানৰ স্মৰণ

CliQ INDIA
Last updated: December 17, 2023 8:00 am
CliQ INDIA
Share
7 Min Read
SHARE
তেজপুৰ,
তেজপুৰ,
তেজপুৰ,
তেজপুৰ,

–অসমীয়া ক্লাবত উন্মোচিত চিত্ৰশিল্পী মৃগেন কলিতাৰ ডেৰশ বছৰীয়া জয়ন্তীৰ প্ৰদৰ্শনীৰ আঁত ধৰি

– সাহিত্য কাণ্ডাৰীৰ স্মৃতি বিজড়িত সমল সমূহ আৰু কিছু কথা শীৰ্ষক গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন কৰিলে বিশিষ্ট শিক্ষাবিদ দয়ানন্দ বৰগোহাইয়ে

–পদ্মনাথ গোহাঞি বৰুৱা অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি আৰু ৰাজনীতিৰ পথিকৃৎ – – দয়ানন্দ বৰগোহাই

শোণিতপুৰ, ১৬ ডিছেম্বৰ (হি.স.)। সাহিত্য কাণ্ডাৰী, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি, তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰতিষ্ঠাপক সম্পাদক, তেজপুৰ পৌৰসভাৰ প্ৰথমগৰাকী অসমীয়া পৌৰপতি পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫২ সংখ্যক ওপজা দিনটোত আজি পুৱাই তেজপুৰ পৌৰসভাৰ পৌৰ সভাৰ গাড়ী ৰখা স্থানত থকা আৱক্ষ মূৰ্তিত তেজপুৰৰ বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়া, বিশিষ্ট ব্যক্তি আৰু পৰিয়ালৰ সদস্য সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ উদ্যোগত আৰু অসমীয়া ভাষা উন্নতি সাধিনী সভা, অসমীয়া ক্লাব, তেজপুৰ লেখিকা সমাৰোহ সমিতি, পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভা, শোণিতপুৰ জিলা সাহিত্য সভা, তেজপুৰ সাহিত্য সভা আৰু তেজপুৰ পৌৰসভাৰ যৌথ সহযোগত দিনজোৰাকৈ অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি, স্মৃতিচাৰণ আৰু বিশেষ বক্তৃতাৰ লগতে গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ প্ৰথমটো কাৰ্যসূচী আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সাহিত্য কাণ্ডাৰী গৰাকীৰ বোৱাৰী পৰি গোহাঞি বৰুৱা, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।

বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওঁট, তেজপুৰ পৌৰসভাৰ পৌৰপতি প্ৰজ্ঞানু ভট্টাচাৰ্য, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া, তেজপুৰ সাহিত্য সভাৰ সম্পাদক দ্বীজেন নাথ, পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাৰ সভাপতি ভূৱন চন্দ্র গগৈ আৰু বিশিষ্ট সমাজকৰ্মী মৰমী শইকীয়াই আন একোগছিকৈ বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলি অৰ্পনৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ক্ৰমে – সাহিত্য কাণ্ডাৰী গৰাকীৰ নাতি উদয় কৃষ্ণ গোহাঞি বৰুৱা, সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা, বাণ থিয়েটাৰৰ উপসভাপতি দিলীপ বৰা, ভৱানন্দ দাস, অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক দেৱব্ৰত শৰ্মা, অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ সম্পাদক জিন্টু বৰঠাকুৰ, বাণ থিয়েটাৰৰ মঞ্চাধ্যক্ষ ৰাজীৱ মহন্ত, বিশিষ্ট চিত্ৰশিল্পী মৃগেন কলিতা, শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তথা জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাস, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সম্পাদক শান্তনু বৰুৱা, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকাৰ লগতে বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই স্মৃতিচাৰণ কৰি সাহিত্য কাণ্ডাৰী গৰাকীৰ জীৱনৰ বিভিন্ন দিশ, সাহিত্য কৰ্ম আদিৰ ওপৰত এনেদৰে আলোকপাত কৰে।

আনহাতে বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে শলাগ জ্ঞাপন কৰা এই অনুষ্ঠানৰ পূৰ্বে সাহিত্য কাণ্ডাৰী গৰাকীৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰতো প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই । অনুষ্ঠানটিত বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়া সকলে অংশ গ্ৰহণ কৰে। আনহাতে বিয়লি বাণ থিয়েটাৰৰ উদ্যোগত আৰু উল্লেখিত ছয়টাকৈ অনুষ্ঠানৰ সহযোগত সাহিত্য কাণ্ডাৰী গৰাকীয়ে প্ৰতিষ্ঠা কৰা শতিকা গৰকা অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষত অনুষ্ঠিত হয় ১৫২ সংখ্যক ওপজা দিনৰ বিশেষ অনুষ্ঠান। সাহিত্য কাণ্ডাৰী গৰাকীৰ প্ৰতিচ্ছবিত বোৱাৰী পৰি গোহাঞি বৰুৱাৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা আৰু বাণ থিয়েটাৰৰ শিল্পীয়ে পদ্মনাথ গোহাঞি বৰুৱাৰ কবিতাক গীতলৈ পৰিণত কৰি সমবেত গীত পৰিবেশন কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰে তেজপুৰৰ বিধায়ক পৃথিৰাজ ৰাভাই । ৰাভাই ৰামনৱমী নাটকৰ জন্মৰ পিচতেই অসমৰ নাট্যধাৰাক প্ৰাণৱন্ত কৰা নাট্যকাৰগৰাকীয়েই আছিল ৰায়বাহাদুৰ পদ্মনাথ গোহাঞিবৰুৱা বুলি ভাষণ প্ৰসংগত মন্তব্য কৰি গোহাঞিবৰুৱাই সৃষ্টিশীল সাহিত্য বৰ বেছি ৰচনা কৰা নাছিল কিন্ত্ত যিখিনি সাহিত্য ৰচনা কৰি থৈ গ’ল সেইখিনিয়ে অসমীয়া জাতীয় জীৱনক চিৰকাল উদ্ভাসিত কৰি ৰাখিছে বুলি মন্তব্য কৰে। পদ্মনাথ গোহাঞি বৰুৱাই কেৱল সাহিত্য সৃষ্টিতে অৱদ্ধ নাথাকি সমাজ আৰু সংস্কৃতিৰ এগৰাকী আশাশুধীয়া সংগঠক হিচাপেও জাতীয় জীৱনলৈ বিৰল অবদান আগবঢ়াই গৈছে। ৰাজ্যখনৰ নাট্যমঞ্চৰ অগ্ৰণী আৰু অন্যতম নাট্যমঞ্চ বাণ থিয়েটাৰৰ জন্মৰ নেপথ্যত থকা এগৰাকী জন্মদাতা হিচাপে, অসমীয়া পাঠ্য পুথি প্ৰণেতা, প্ৰথমগৰাকী অসমীয়া পৌৰপতি, অসমীয়া সংবাদপত্ৰৰ আগলিভাগৰ এগৰাকী অন্যতম সম্পাদক তথা সাংবাদিক ৰূপে গোহাঞিবৰুৱাই আগবঢ়োৱা সোণসেৰীয়া অবদাব কালে মচিব নোৱাৰা বুলি বিধায়ক পৃথ্বিৰাজ ৰাভাই মন্তব্য কৰে।

উল্লেখ্য অসমীয়া ক্লাবৰ সম্পাদক অনু দেৱী মহন্তই আঁত ধৰা অনুষ্ঠানটিতে বিশিষ্ট চিত্ৰশিল্পী মৃগেন কলিতাই ৰচনা কৰা ডেৰশ বছৰীয়া জয়ন্তীৰ প্ৰদৰ্শনীৰ আঁত ধৰি… সাহিত্য কাণ্ডাৰীৰ স্মৃতি বিজড়িত সমল সমূহ আৰু কিছু কথা শীৰ্ষক ১৮৯ খন বিশেষ ছবি তথা ফটো থকা অতি গুৰুত্বপূৰ্ণ এখন গ্ৰন্থ উন্মোচন কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ড০ দয়ানন্দ বৰগোহাইয়ে। গ্ৰন্থখনৰ উন্মোচনী ভাষণৰ পূৰ্বে লেখক মৃগেন কলিতাই গ্ৰন্থখন সৃষ্টিৰ মুহূৰ্ত আৰু গ্ৰন্থখনৰ বিষয়ে উল্লেখ কৰি গ্ৰন্থখন ৰচনাৰ মাজেৰে পদ্মনাথ গোহাঞি বৰুৱাৰ চেতনাৰ সৈতে একাত্ম হোৱাৰ সুযোগ লাভ কৰিছিলোঁ বুলি মন্তব্য কৰি পদ্মনাথ গোহাঞি বৰুৱাৰ সৃষ্টি চেতনা, ব্যক্তি প্ৰতিভাক উত্তৰ প্ৰজন্মৰ কাষলৈ কঢ়িয়াই নিয়াৰ এই বিনম্ৰ প্ৰয়াস সহৃদয় ৰাইজে আদৰি ল’লে কৃতাৰ্থ হ’ম বুলি কয়। ভাষণত কলিতাই পদ্মনাথ গোহাঞি বৰুৱাৰ জীৱন আৰু কৃতি সম্পৰ্কে গৱেষণাৰ এক ভেঁটি নিৰ্মাণ হওক গ্ৰন্হখনৰ সৃষ্টিৰ মাজেৰে আমি তাৰেই কামনা কৰিছোঁ বুলিও মন্তব্য কৰে।

আনহাতে বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাৰ পৌৰোহিত্যত সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে আদৰণী ভাষণ আগবঢ়োৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিশিষ্ট শিক্ষাবিদ ড০ দয়ানন্দ বৰগোহাইয়ে উন্মোচনী ভাষণৰ লগতে অতি মনোমুগ্ধকৰ ভাৱে সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ স্মৃতিচাৰণ কৰি ৰায়বাহাদুৰ পদ্মনাথ গোহাঞি বৰুৱা অসমীয়া ভাষা সাহিত্য সংস্কৃতি আৰু ৰাজনীতিৰ পথিকৃৎ বুলি প্ৰথমেই মন্তব্য কৰে । বৰগোহাইয়ে ভাষণত ভুত নে ভ্ৰম নামৰ নাটক ৰচনাৰ গুৰি কথাৰ পৰা আৰম্ভ কৰি কলিকতা যোৱাৰ যাত্ৰাৰ পৰা চুকাফাৰ সৈতে অহা থাওৰুক বৰগোহাঁইৰ কথাৰে জন্ম বৃত্তান্ত সদৰি কৰি পদ্মনাথ গোহাঞি বৰুৱাৰ কলিকতীয়া ছাত্ৰ জীৱনত সাহিত্য চেতনা যজ্ঞাগ্নিলৈ পৰিবৰ্তনেৰে বিজুলী সম্পাদনা , ভানুমতী আৰু লাহৰী উপন্যাস ৰচনাৰ আঁৰৰ কথা শ্ৰুতিমধুৰতাৰে ব্যাখ্যা কৰি শ্ৰোতা ৰাইজক সন্মোহিত কৰে।

পদ্মনাথ গোহাঞি বৰুৱাৰ লাহৰি উপন্যাস অসমৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ বুলি মন্তব্য কৰি কলিকতীয়া ছাত্ৰ জীৱন ব্যৰ্থতাৰে সামৰি অন্যান্য স্বৰচিত সাহিত্যৰ এই লখিমী স্বৰূপা লাহৰি উপন্যাসখন কাষতলিৰ তলতে লৈ প্ৰশান্তিৰে স্বভূমিলৈ গোহাঞিবৰুৱাই প্ৰত্যাবৰ্তন কৰি অসমৰ জাতীয় জীৱনৰ পথ প্ৰদৰ্শন কৰিছিল।

নগালেণ্ডৰ ক’হিমাত ক’হিমা সাহিত্য সভা প্ৰতিষ্ঠাৰ লগতে অসমীয়া ভাষা পাহাৰীয়া ৰাজ্যখনত প্ৰচলন কৃচ্ছ্ৰ সাধনা কৰিছিল পদ্মনাথ গোহাঞি বৰুৱা। কৃষ্ণ শীৰ্ষক গ্ৰন্হত নিহিত থকা ‘মানুহ’ কৃষ্ণ বা মহামানৱ কৃষ্ণৰ চেতনা পিচৰ যুগৰ অসমীয়াই কঢ়িয়াই নিব নোৱাৰিলে বুলি মন্তব্য কৰি পদ্মনাথ গোহাঞি বৰুৱাৰ ‘শ্ৰী কৃষ্ণ’ গ্ৰন্থ যথাৰ্থতে জীৱনৰ শ্ৰেষ্ঠ ৰচনা বুলি মন্তব্য কৰে। অনুষ্ঠানটিত শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়াইও স্মৃতিচাৰণ কৰে ।

হিন্দুস্থান সমাচাৰ/সমীৰ/মনোজ

You Might Also Like

হাজোৰ শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱ
গোলাঘাটত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা – HindusthanSamachar Assamese
বৰপেটাৰ গহীয়াত পানীত পৰি ৬০ বছৰীয়া বৃদ্ধাৰ বিয়োগ | BulletsIn
বৰপেটাৰ আলোপতিত চৰত নিৰুদ্দিষ্ট শিশুৰ মৃতদেহ উদ্ধাৰ
অসম অৰুণাচল সিমান্তৰ চিজুছাত নৱম বাৰ্ষিকী পাকে পাগা হৰ্ণবিল উৎসৱৰ শুভাৰম্ভ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article গহপুৰত কংগ্ৰেছৰ সমষ্টি ভিত্তিক বুথ লেভেল এজেন্ট প্ৰশিক্ষণ শিবিৰ
Next Article পশ্চিম কাৰ্বি আংলঙৰ কৃষি বিভাগৰ সৰিয়হ খেতিৰে কৃষি বিপ্লৱৰ সূচনা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?