বৰপেটা, ১৬ মাৰ্চ। বৰপেটাৰ আলোপতি চৰত আজি এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহে। যোৱা ১৩ মাৰ্চত নিৰুদ্দিষ্ট আলোপতি গাওঁৰ মানিক আলীৰ ৭ বছৰীয়া পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰে। ইয়াকে লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। বৰপেটাৰ আলোপতি চৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। নিৰুদ্দিষ্ট হোৱা এজন সাত বছৰীয়া শিশুৰ লেট্ৰিনৰ টেংকিৰ ভিতৰৰ পৰা মৃতদেহটো উদ্ধাৰ কৰা হয়। ঘটনাটোক কেন্দ্ৰ কৰি লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। উল্লেখ্য যে যোৱা ১৩ মাৰ্চ বুধবাৰৰ দিনা আবেলিৰ পৰা নিৰুদ্দেশ হৈ আছিলে আলোপতি গাওঁৰে মানিক আলীৰ সাত বছৰীয়া লৰাজন।
আজি পুৱা ঘৰৰ কাষতে আব্দুল কুদ্দুছৰ ঘৰত মৃত অৱস্থাত উদ্ধাৰ হয় নিৰুদ্দিষ্ট সাত বছৰীয়া সৰু লৰাজনৰ মৃতদেহ। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে৷ কোনোবাই হত্যা কৰি শৌচালয়ৰ টেংকীত সোমাই থোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে৷ ইতিমধ্যে ঘটনাস্থলীত আলোপতিচৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷ ভুক্তভোগী পৰিয়ালে তদন্ত সাপেক্ষে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়৷লগতে অনাগত দিনত যাতে এনেধৰণৰ জঘন্য ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ অনুৰোধ জনাইছে স্থানীয় ৰাইজ তথা পৰিয়ালৰ লোকে৷ আলোপতিচৰ আৰক্ষীয়ে মমিলুল হকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফকৰ উদ্দিন আহমেদ চিকিৎসা মহাবিদ্যাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে।
