পশ্চিম কাৰ্বি আংলং, ১৭ ডিছেম্বৰ (হি স)। সৰিয়হ খেতিৰে কৃষি বিপ্লৱৰ সূচনা কৰিছে পশ্চিম কাৰ্বি আংলঙৰ কৃষি বিভাগে। প্ৰায় ৬০০ বিঘা ভূমিত সৰিয়হ অৰ্থাৎ বেহাৰ খেতি কৰি চৰকাৰী ৰাজহ বৃদ্ধিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে খেৰণি কৃষি বিভাগে।
বিভাগীয় কৃষি ভূমিত চকুৰে মনিব পৰালৈকে দেখিবলৈ পোৱা গৈছে কেৱল হালধীয়া আৰু হালধীয়া। হালধীয়া চাদৰ হৈ ফুলা মনোমোহা সৰিয়হৰ ফুলবোৰে দৃষ্টি নন্দন পৰিবেশৰ সৃষ্টি কৰিছে। অঞ্চলটোৰ কোনোৱে যদি মন আপ্লুত কৰা ফুলি থকা ফুলবোৰলৈ ৰহ লাগি চাই আনন্দ লৈছে, আন কোনোৱে আকৌ সৰিয়হতলিত ঠিয় হৈ চেল্ফি উঠিছে। মুঠতে অঞ্চলটোত এক অপৰূপ পৰিৱেশ বিৰাজ কৰিছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
