ইটানগৰ, ১৯ জানুৱাৰী(হি.স.)। অসম অৰুণাচল সীমান্তবৰ্তী চিজুছাত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে আৰম্ভ হোৱা নৱম বাৰ্ষিকী পাকে পাগা হৰ্ণবিল উৎসৱ অতি উলহ মালহৰে উদযাপন কৰা হৈছে । শুভাৰম্ভ অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যখনৰ পৰিবেশ আৰু পৰ্য্যটনৰ মন্ত্ৰী নাকাপ নালোয়ে উপস্থিত সহস্ৰাধিক ৰাইজক উদ্দেশ্যে নিজৰ ভাষন প্ৰসংগত কয় -অৰুণাচল প্ৰদেশ এছিয়াৰ ভিতৰতে প্ৰকৃতি আৰু জৈৱ বৈচিত্ৰৰে ভৰপুৰ। গতিকে আমাৰ প্ৰদেশৰ প্ৰতিজন লোকেই ইয়াক সংৰক্ষণ কৰাটো প্ৰয়োজনীয় ।
তেওঁ পুনৰ কয় যে, বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্যৰ ডাবোল ইঞ্জিন চৰকাৰে অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ লগতে জৈৱ বৈচিত্ৰৰ সংৰক্ষণৰ কাৰণে বহুতো কাম কৰিছে আৰু ভৱিষ্যতে কৰি যাব । তেওঁৰ ভাষনৰ অন্তত মঞ্চত উপবিস্ত সকলোৰে লগতে প্ৰদৰ্শনীসমূহ পৰিভ্ৰমন কৰে। উক্ত অনুষ্ঠানত বিভিন্ন জাতি-জনগোষ্ঠীৰ লগতে গোৰ্খা, বড়ো সম্প্ৰদায়ৰ লগতে নিচি সকলৰ সুন্দৰ নৃত্যই দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। অনুষ্ঠানৰ শেষত স্থানীয় পাকে কেচাং বিধান সভাৰ বিধায়ক তথা ৰাজ্যখনৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি বিওৰাম ওৱাগে উপস্থিত সকলোকে উদ্দেশ্যে শলাগৰ শৰাই আগবঢ়ায় ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/মনোজ
