
কামৰূপ, ২৩ জানুৱাৰী (হি স)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তীৰ্থ নগৰী হাজোৰ শ্ৰীশ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱ উলহ-মালহেৰে উদযাপন কৰা হয়।
ঐতিহাসিক মাধৱ মন্দিৰত বন্তি প্ৰজ্বলন কৰি আটক ধুনীয়াকৈ সজাই পৰাই তোলা হয় মন্দিৰ প্ৰাঙ্গণ। নিশা লৈকে ভক্ত সকলে আনন্দ উল্লাস কৰা দেখা যায়।
ইফালে সন্ধিয়ালৈ ঘৰৰ পদুলিয়ে পদুলিয়ে কলপুলিত চাকি বন্তি জ্বলাই আতচবাজীৰে ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ উৎসৱ উদযাপন কৰা পৰিলক্ষিত হয়।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
