চিৰাং, ২৩ ডিচেম্বৰ (হি.স.)। শ্ৰম কোড বাতিল কৰাৰ দাবীত চিৰাঙৰ ঢালিগাঁও স্থিত বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত শ্ৰমিক সংগঠন সমূহৰ উত্তাল বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন ।
শেষতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে শ্ৰমিক সকলৰ মূৰত শ্ৰম কোড জাপি দিয়া কাৰ্য্যৰ বিৰোধীতা কৰি চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰ ঠিকা শ্ৰমিক সংগঠনৰ উদ্যোগত শ্ৰমিক বিৰোধী শ্ৰম সংহিতা আইন (শ্ৰম কোড) বাতিল কৰা আৰু শ্ৰম কোড প্ৰনয়ন কৰাৰ চৰকাৰী জাননী অতিশীঘ্ৰে বাতিল কৰাৰ দাবীত বঙাইগাঁও শোধনাগাৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত এক ঘন্টীয়া শ্ৰমিক বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
