দৰং,০৮ জানুৱাৰী (হি.স.)। অসমৰ দৰং জিলাৰ মঙলদৈৰ এগৰাকী আইন শিক্ষাৰ্থীয়ে গুৱাহাটীত জাপানীজ এনকেফেলাইটিছ (জে ই)ত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লব লগা হয়। খবৰ অনুসৰি সুস্মিতা হাজৰিকা নামৰ কিশোৰীগৰাকী দীৰ্ঘদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।
জে ই পজিটিভ পোৱাৰ পিছত সুস্মিতাক মঙলদৈৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশ্যে পিছত উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ স্থানান্তৰ কৰা হয় বুলি বাতৰি প্ৰকাশ পাইছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে দেওবাৰে পুৱা প্ৰায় ৫:৩০ বজাত উক্ত ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। মঙলদৈৰ আৰেঙৰ পৰা অহা পঞ্চম ষান্মাসিকৰ আইন বিভাগৰ ছাত্ৰী আছিল সুস্মিতা।
হিন্দুস্থান সমাচাৰ/ৰমেন/আলোক.
