Assam, 18
: Instagramত বন্ধুত্ব কৰোতে সাৱধান! ডবকাৰ দুই কলেজীয়া ছাত্ৰীৰ নিৰুদ্দেশকলৈ চাঞ্চল্য!
নগাঁও, ১৮ ছেপ্টেম্বৰ (হি.স.)। নগাঁও জিলাৰ ডবকাৰ দুগৰাকী কলেজীয়া ছাত্ৰী তথা যমজ ভগ্নী ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছে। ডবকাৰ দহ নং ৱাৰ্ডৰ বাসিন্দা দুই যমজ ভগ্নী একেলগে নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । এগৰাকী হাজী আনফৰ আলী কলেজ আৰু আন গৰাকী ৰাজীৱ গান্ধী একাডেমীৰ ছাত্ৰী।
পৰিয়ালৰ লোকে অভিযোগ কৰামতে এগৰাকী বিশেষ যুৱতীয়ে ইনষ্ট্ৰাগ্ৰাম (Instragram)ৰ যোগেদি বন্ধুত্ব কৰিছিল দুয়োগৰাকী ছাত্ৰীৰ সৈতে। তাৰ পাছত মাজে সময়ে ছাত্ৰী দুয়োগৰাকীৰ ঘৰলৈ অহা যোৱা কৰিছিল বিশেষ যুৱতীগৰাকীয়ে। যোৱা দেওবাৰে বিশেষ যুৱতীগৰাকীয়ে ছাত্ৰী দুয়োগৰাকীক ফুচুলাই বহিৰাজ্যলৈ লৈ যোৱাৰ অভিযোগ কৰে পৰিয়ালৰ লোক সকলে। ছাত্ৰী দুয়োগৰাকী ভয়ংকৰ বিপদত পৰাৰ আশংকা কৰিছে পৰিয়ালটোৱে। ইতিমধ্যে ডবকা আৰক্ষী থানাত এজাহাৰ দাখিল কৰি চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা সহায় সহযোগ কামনা কৰিছে পিতৃ মাতৃ তথা পৰিয়ালৰ লোক সকলে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
