বঙাইগাঁও জিলাত অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি পঞ্চায়তৰ খচৰা ভোটাৰ তালিকা ১১ ডিচেম্বৰ, ২০২৪ তাৰিখে বিয়লি জিলা আয়ুক্ত নৱদ্বীপ পাঠকৰ নেতৃত্বত প্ৰকাশ কৰা হয়। এই খচৰা ভোটাৰ তালিকা জনসাধাৰণৰ বাবে উপলব্ধ কৰি দিয়া হৈছে আৰু দাবী-আপত্তি দাখিলৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। সংবাদ মেলত ভোটাৰ তালিকা প্ৰকাশ আৰু তাৰ সৈতে জড়িত বিভিন্ন তথ্যসমূহ জিলা আয়ুক্তই বিস্তৃতভাৱে আলোচনা কৰে।
BulletsIn
- বঙাইগাঁও জিলাত মুঠ ৬৫০টা গাঁও-পঞ্চায়ত ৱাৰ্ড, ৬৫খন গাঁও-পঞ্চায়ত, ৫খন আঞ্চলিক পঞ্চায়ত আৰু ১২টা জিলা পৰিষদ সমষ্টি আছে।
- এই অঞ্চলসমূহৰ অধীনত মুঠ ৬৮৫টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে।
- জিলাখনৰ মুঠ ভোটাৰ সংখ্যা হৈছে ৪৯৬৭২১গৰাকী; তাৰ ভিতৰত পুৰুষ ভোটাৰ ২৫২৭৬১গৰাকী, মহিলা ভোটাৰ ২৪৩৬২৩গৰাকী আৰু ১৩গৰাকী অন্যান্য ভোটাৰ।
- পঞ্চায়তৰ খচৰা ভোটাৰ তালিকা গাঁও-পঞ্চায়ত কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, জিলা পৰিষদ আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ত ১২ ডিচেম্বৰ আৰু ১৩ ডিচেম্বৰ, ২০২৪ তাৰিখে জনসাধাৰণৰ বাবে উপলব্ধ কৰি দিয়া হ’ব।
- তালিকাখন অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ OERMS ৱেবচাইটতো চাব পৰা যাব।
- কোনো ব্যক্তি দাবী-আপত্তি থাকিলে সেই আবেদন ১৪ ডিচেম্বৰ, ২০২৪ৰ পৰা ২১ ডিচেম্বৰ, ২০২৪ৰ ভিতৰত অনলাইন বা অফলাইন প্ৰপত্ৰযোগে দাখিল কৰিব পাৰিব।
- দাখিল কৰা দাবী আৰু আপত্তিসমূহ ২২ ডিচেম্বৰ, ২০২৪ৰ পৰা ২৬ ডিচেম্বৰ, ২০২৪ৰ ভিতৰত নিষ্পত্তি কৰা হ’ব।
- চূড়ান্ত ভোটাৰ তালিকা ২৮ ডিচেম্বৰ, ২০২৪ত প্ৰকাশ কৰা হ’ব আৰু ১ জানুৱাৰী, ২০২৫ তাৰিখক ভিত্তি তাৰিখ হিচাপে গ্ৰহণ কৰা হ’ব।
- জিলা আয়ুক্তে ভোটাৰ তালিকা চাব আৰু সংশোধন প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনায়।
- সংবাদ মেলত জিলা উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনুপম ডেকা আৰু খণ্ড উন্নয়ন বিষয়াসকল উপস্থিত থাকে।
