
শিৱসাগৰ, ২৯ ছেপ্টেম্বৰ (হি.স.): হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে শিৱসাগৰৰ এখন বিশেষ পূজা সমিতিয়। বিগত ৬৫ বছৰ ধৰি এই পূজা ভাগি শিৱসাগৰ নগৰৰ থানামুখৰ বাৰে ঘৰীয়া মছজিদৰ কাষতে অনুষ্ঠিত হৈ আছে।
নৱ যুৱক দুৰ্গোৎসৱ সমিতিয়ে আয়োজন কৰে এই পূজা ভাগি। ধৰ্মীয় সহিষ্ণুতা আৰু উদাৰতাৰ পৰিচয় দিয়া এই সমিতিয়ে মছজিদৰ নামাজৰ সময়ত তেওঁলোকৰ সকলো কাৰ্যসূচী বন্ধ কৰি দিয়ে। যাতে ইছলাম ধৰ্মী লোক সকলৰ নামাজ পঢ়াৰ ক্ষেত্ৰত অসুবিধা নহয়। বিগত ৬ টা দশক ধৰি এই পৰম্পৰা চলি আছে। আৰু এই পৰম্পৰাই আমাৰ নজহা নপমা সম্প্ৰীতিৰ সৌৰভ বিলাই আছে।
চলিত বছৰত এই সমিতি খনে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগৰ বাবে তেওঁলোকৰ সকলো সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
