
কামৰূপ, ০৩ আগষ্ট (হি.স.)। সোণাপুৰত আঞ্চলিক দল অসম গণ পৰিষদ (অগপ)ৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক শনিবাৰে সম্বৰ্ধনা জনোৱা হয়।
ডিমৰীয়া বিধান পৰিষদৰ উদ্যোগত আয়োজিত হয় এই বিশেষ সম্বৰ্ধনা অনুষ্ঠান।
যোগদল কাৰ্চিয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সম্বৰ্ধনা সভাত ৰাজ্যসভাৰ নৱ নিৰ্বাচিত সাংসদ তথা অগপ দলৰ জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ডিমৰীয়া বিধান পৰিষদৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । ফুলাম গামোছা, এটি জাপি, শঁৰাই আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় সাংসদগৰাকীক। এই সভাতে লগতে সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনত অগপ দলৰ সমৰ্থিত বিজয়ী প্ৰাৰ্থীসকলকো সম্বৰ্ধনা জনোৱা হয় ।
অনুষ্ঠানত ডিমৰীয়া বিধান পৰিষদৰ সভাপতি, অসম পণ্যগাৰ নিগমৰ উপাধ্যক্ষ তথা অগপ দলৰ সাধাৰণ সম্পাদক ড০ তপন দাস, অগপৰ জ্যেষ্ঠ-কণিষ্ঠ কৰ্মকৰ্তাসকল উপস্থিত থাকে।
—————
হিন্দুস্থান সমাচাৰ / Narayan Kar
