
–পিতৃ পুত্ৰৰ সহযোগত ঢেকীশাল আৰ্শীবাদ ন-ভোগালী সম্ভাৰৰ বিপনীৰে স্বাম্বলম্বিতাৰ পথ নিদৰ্শন
শোণিতপুৰ, ১২ জানুৱাৰী (হি স)। শোণিতপুৰৰ জামুগুৰিহাটত হেপাহৰ ভোগালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলিব ধৰিছে। ভোগালী বিহু উপলক্ষে জামুগুৰিহাটৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাঠবাৰী ব্যৱসায় কেন্দ্ৰত পিতৃ ৰোষ বৰা আৰু পুত্ৰ হৃদয় কমল বৰাৰ সহযোগত অসমীয়া জাতীয় জীৱনৰ থলুৱা জলপান তথা সময়ৰ সুতত হেৰাই যাৱ ধৰা বা নতুন প্ৰজন্মই নজনা সামগ্ৰীৰে ঢেকীশালত উৎপাদিত আৰ্শীবাদ ন-ভোগালী সম্ভাৰৰ বিপনীৰ জৰিয়তে স্বাম্বলম্বিতাৰ পথ নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে । উক্ত বিপনীখনত ভোগালী বিহুত প্ৰয়োজনীয় সকলো সামগ্ৰী ক্ৰমে গুৰ, চিৰা, কোমল চাউল, ভজা চাউল, বৰা চাউল, জহা চাউল, আখৈ, মুৰী, হুৰুমৰ লগতে নানা বিধ পিঠা-পনা, দৈ-ক্ৰিম আদি সকলো উপলব্ধ ।
ঢেকীশাল আৰ্শীবাদ ন-ভোগালী সম্ভাৰৰ বিপনীখনত এতিয়া ভোগালীৰ সামগ্ৰী কিনিবৰ বাবে যথেষ্ট লোকৰ সমাগম হোৱা দেখা গৈছে । যদি কোনোবা গ্ৰাহকে ভোগালীৰ সামগ্ৰীৰ বাবে ফোনযোগে অৰ্ডাৰ কৰে তেন্তে হম ডেলিভাৰীৰ জৰিয়তে সুবিধা প্ৰদান কৰিব বুলিও জানিবলৈ দিয়ে বিপনীখনৰ স্বত্বাধিকাৰ ৰোষ বৰাই ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
