৩০ ছেপ্টেম্বৰ, ২০২০, ভাৰতৰ ন্যায়িক ইতিহাসৰ এক স্মৰণীয় দিন হৈ পৰিল। ১৯৯২ চনৰ ৬ ডিচেম্বৰত অযোধ্যাৰ বাবৰি মছজিদ ভাঙি পেলোৱাৰ ফলত সমগ্ৰ দেশতে অশান্তিৰ সৃষ্টি হয়। বছৰ বছৰ ধৰি তদন্ত আৰু দীঘলীয়া আদালতৰ প্ৰক্ৰিয়াৰ অন্তত আজিৰ দিনটোতে লক্ষ্ণৌৰ চিবিআইৰ বিশেষ আদালতে বহু প্ৰত্যাশিত ৰায়দান প্ৰদান কৰে।
আদালতে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী এল কে আদৱানী, কেন্দ্ৰীয় মন্ত্ৰী মুৰলী মনোহৰ যোশী আৰু উমা ভাৰতী, প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিং, ৰাম জন্মভূমি ট্ৰাষ্টৰ সভাপতি মহন্ত নৃত্য গোপাল দাস, সতীশ প্ৰধানকে ধৰি ৩২জন অভিযুক্তক দোষমুক্ত কৰে। আদালতৰ মতে, এই ঘটনা হঠাতে সংঘটিত হয়। এই ৰায় ন্যায় আৰু ৰাজনীতি দুয়োটাতে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হৈ পৰিল।
মূল পৰিঘটনাসমূহ:
১৬৮৭ – ঔৰংজেবে হায়দৰাবাদৰ গোলকন্দা দুৰ্গ দখল কৰে।
১৯৪৭ – পাকিস্তান আৰু য়েমেনে ৰাষ্ট্ৰসংঘত যোগদান কৰে।
১৯৮৪ – ১৯৪৫ চনৰ পিছত প্ৰথমবাৰৰ বাবে উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ মাজৰ সীমান্ত মুকলি কৰা হয়।
১৯৯৩ – ভাৰতৰ মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত সংঘটিত ভূমিকম্পৰ ফলত ১০ হাজাৰৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে লাখ লাখ লোক গৃহহীন হৈ পৰে।
২০০১ – ইজৰাইলৰ আভ্যন্তৰীণ পৰিষদে পেলেষ্টাইনৰ সৈতে হোৱা চুক্তিত অনুমোদন জনায়।
২০০২ – পাকিস্তানৰ উগ্ৰ মুছলমানে এটা মন্দিৰ ভাঙি পেলায়; ভাৰতৰ সৈতে স্বেচ্ছামূলক আলোচনাক অধিক অৰ্থপূৰ্ণ কৰাৰ ইচ্ছা প্ৰকাশ কৰে চীনে।
২০০৩ – বিশ্বনাথন আনন্দই বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপ লাভ কৰে।
২০০৪ – চীনা দাৰ্শনিক কনফুচিয়াছৰ ২৫৫৫ সংখ্যক জন্ম বাৰ্ষিকী পালন কৰা হয়।
২০০৫ – সংবাদ সংস্থা ৰয়টাৰে আমেৰিকাৰ সেনাই ইৰাকত সাংবাদিকক দমন কৰাৰ অভিযোগ উত্থাপন কৰে।
২০০৭ – পাৰভেজ মুশ্বাৰফক পুনৰ ইউনিফৰ্ম পিন্ধি ৰাষ্ট্ৰপতি হোৱাত বাধা দিবলৈ ২৩৬ জন বিৰোধী সাংসদ আৰু বিধায়কে পদত্যাগ কৰে।
২০০৭ – ৰাষ্ট্ৰসংঘৰ বিশেষ দূত ইব্ৰাহিম গাম্বাৰীয়ে বিৰোধী নেতা আং ছান ছু কি আৰু ম্যানমাৰৰ সামৰিক চৰকাৰৰ সৈতে সাক্ষাৎ কৰে।
২০০৭ – পপ তাৰকা ছাকিৰাই ভূমিকম্পত বিধ্বস্ত পেৰু আৰু নিকাৰাগুয়াৰ বাবে ১৫৯.১ কোটি ₹ৰ অনুদান ঘোষণা কৰে।
২০০৯ – প্ৰখ্যাত প্লেবেক গায়িকা মান্না দে ২০০৭ চনৰ সন্মানীয় দাদাছাহেব ফালকে বঁটাৰ বাবে নিৰ্বাচিত হয়।
২০১০ – এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে বিতৰ্কিত বাবৰি মছজিদ গোচৰত ৰায়দান কৰি মাটিখিনি তিনিটা ভাগত ভাগ কৰি ৰাম লাল্লা, নিৰ্মোহী আখৰা, আৰু ৱাকফ ব’ৰ্ডক এটাকৈ অংশ প্ৰদান কৰে।
২০২০ – বাবৰি মছজিদ গোচৰৰ ৰায় ঘোষণা।
জন্ম-
১৮৩৭ – পণ্ডিত শ্ৰদ্ধাৰম শৰ্মা – হিন্দী আৰু পাঞ্জাবীৰ প্ৰখ্যাত সাহিত্যিক আৰু স্বাধীনতা সংগ্ৰামী।
১৮৬১ চনত গুৰাজাদা আপাৰাও – বিখ্যাত তেলেগু সাহিত্যিক।
১৮৯৩ – ভি পি মেনন – ভাৰতীয় ৰাজকীয় ৰাষ্ট্ৰৰ একত্ৰীকৰণত চৰ্দাৰ পেটেলৰ সহযোগী।
১৮৯৪ – আৰ আৰ দিৱাকাৰ – ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ।
১৯০০ – এম চি চাগলা – বিখ্যাত ভাৰতীয় ন্যায়াধীশ, কূটনীতিবিদ, আৰু কেবিনেট মন্ত্ৰী।
১৯২২ – হৃষিকেশ মুখাৰ্জী – বিখ্যাত ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক আৰু পৰিচালক।
১৯৩৪ – ৰাজ কুমাৰ ডৰেন্দ্ৰ সিং – মণিপুৰৰ প্ৰাক্তন পঞ্চম মুখ্যমন্ত্ৰী।
১৯৬২ – শ্বান – ভাৰতীয় গায়ক।
১৯৭০ – দীপা মালিক – ভাৰতীয় শ্বট পুট আৰু জেভেলিন থ্ৰ’ খেলুৱৈ।
মৃত্যু-
১৯১৪ – আলতাফ হুছেইন হালি – তেওঁৰ সময়ৰ বিখ্যাত উৰ্দু সাহিত্যিক আৰু কবি।
১৯৪৩ – ৰামানন্দ চেটাৰ্জী – সাংবাদিকতাৰ জগতৰ এজন প্ৰগতিশীল ব্যক্তিত্ব।
১৯৫৫ – জেমছ ডিন – বিখ্যাত হলিউডৰ অভিনেতা।
১৯৯৪ – সুমিত্ৰা কুমাৰী সিনহা – ভাৰতীয় কবি আৰু সাহিত্যিক
২০০১ – মাধৱৰাও সিন্ধিয়া – বিখ্যাত কংগ্ৰেছ নেতা।
২০০৯ – ৰাও বীৰেন্দ্ৰ সিং – হাৰিয়ানাৰ দ্বিতীয় মুখ্যমন্ত্ৰী আছিল।
২০১৭ – ইউছুফ শ্বেখ – আছিল এজন বিখ্যাত ভাৰতীয় কংকনী সাহিত্যিক।
গুৰুত্বপূৰ্ণ দিন-
-আন্তঃৰাষ্ট্ৰীয় অনুবাদ দিৱস।
हिन्दुस्थान समाचार / অৰৱিন্দ
