হোজাই, ১২ নৱেম্বৰ (হি.স.): হোজাই জিলাৰ লংকাত ৰাজ্যিক ভিত্তিত তৃতীয় বাৰ্ষিক প্ৰণৱ দত্ত সোঁৱৰণী মুকলি কাৰাটে ডু প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। জিলাখনৰ সদৰ শংকৰদেৱ নগৰৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ মুকলি প্ৰেক্ষাগৃহত অহা ১৮ আৰু ১৯ নৱেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখনি।
প্ৰণৱ দত্ত সোঁৱৰণী কাৰাটে-ডু এচ”চিয়েছনৰ উদ্যেগত অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনিৰ বাবে ইতিমধ্যে আয়োজক সমিতিয়ে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। কে’বাটাও পৰ্যায়ত অনুষ্ঠিত হ’বলগা মেগা প্ৰতিযোগিতাখনিৰ বাবে ইতিমধ্যে বহু প্ৰতিযোগীয়ে অনলাইন যোগে যোগদান কৰিছে আৰু অহা ১৫ নৱেম্বৰলৈকে অনলাইন খোলা থাকিব বুলি জনাইছে উদ্যেক্তাসকলে। প্ৰতিযোগিতাখনিৰ বাবে আগ্ৰহীসকলক সংবাদমাধ্যমৰ যোগেদি আহ্বান জনাইছে উদ্যেক্তাসকলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
