ওদালগুৰি, ৩১ জানুৱাৰী : ওদালগুৰি জিলাৰ পাঁচনৈৰ ওপৰত থকা বাঁহৰ দলং খন পাৰ হ’বলৈ যাত্ৰীসকলে মাচুল আদায় দিবলগীয়া হৈছে। বাঁহৰ দলং খন পাৰ হলে যাত্ৰীয়ে ভৰিব লাগে মাছুল। একেদৰে চাইকেল, মটৰ চাইকেল বা চাৰি চকীয়া গাড়ী পৰা হওঁতেও দিব লাগে মাছুল।
ওদালগুৰি জিলাৰ বিছখুটি অঞ্চল আৰু শোণিতপুৰ জিলাৰ বৰছলা অঞ্চলৰ মাজ ভাগত আছে এই বাঁহৰ দলংখন। নতুনকৈ আৰম্ভ হোৱা অসম মালা আঁচনিৰ পথ নিৰ্মাণৰ কাম চলি থকাত নৈখনৰ ওপৰত নিৰ্মান হৈছে পকী দলং৷ কিন্তু দলংখনৰ কাম লেহেমীয়া গতি হোৱাত ৰাইজসকল সমস্যাৰ সন্মুখীন হৈছে । দৈনিক শ শ সৰু ডাঙৰ যানবাহন চলাচল কৰে এই পথেৰে ৷ স্থানীয় ৰাইজে নিৰ্মাণ কৰা বাঁহৰ দলঙৰ ওপৰেৰে যানবাহন পাৰ কৰিলে দিব লগীয়া হয় মাছুল।
মটৰ চাইকেলৰ বাবে ২০ টকা আৰু চাৰিচকীয়া বাহনৰ বাবে দিব লাগে ১০০ টকা। ওদালগুৰি জিলাৰ পাঁচনৈ নদীৰ ওপৰত থকা দলঙৰ ওপৰেদি পথচাৰী সকলৰ পৰা মাছুল ল’বলৈ বি টি আৰৰ ই.এম এগৰাকীৰ নেতৃত্বত মাছুল সংগ্ৰহ কৰি আছে বুলি মাছুল সংগ্ৰহ কৰোতাই সাংবাদিকৰ আগত প্ৰকাশ কৰে। এইদৰে উন্নয়ণৰ জয়গান গোৱা চৰকাৰৰ দিনত বাঁহৰ দলং এখনেৰে পাৰ হ’বলৈ জনতাই ভৰি আহিছে মাচুল ৷
