ধুবুৰী, ৩০ অক্টোবৰ (হি স)। ধুবুৰীৰ আগমনিত ৰে’ল বিভাগৰ হেমাহীত ক্ষুব্ধ হৈ পৰিছে ৰাইজ তথা দল সংগঠন । অঞ্চলটোৰ যাতায়তৰ প্ৰধান সমল পথৰ ওপৰত থকা ৰে’ল লাইনৰ বাবে আহ–জাহৰ অসুবিধাত ভুগিছে পথচাৰীসকলে।
উল্লেখ্য় যে আগমনিৰ শেৰনগৰ আৰু কালডোৱা তৃতীয় খণ্ড দুখনকৈ গাঁৱৰ পি এম জি ওৱাই পথৰ ওপৰেৰে গৈছে নিউ ময়নাগুৰি-যোগীঘোপা ৰে’ল পথ । ফলত পথ দুটাৰে দুখনকৈ গাঁৱৰ ৰাইজে যাতায়তত চৰম দুৰ্ভোগ ভূগিব লগা হৈছে । এম্বুলেন্স সেৱা, অগ্নিনিৰ্বাপক বাহিনীৰ সেৱাৰ পৰা গাওঁবাসী বঞ্চিত হোৱাৰ সমান্তৰালভাৱে চৰম দুৰ্ভোগ ভূগিব লগা হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰী । দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজৰ লগতে আছু, আক্ৰাছুকে ধৰি বিভিন্ন দল সংগঠনে দলঙৰ তলৰ ৰাস্তা (Road under Bridge)ৰ দাবী জনাই আহিছে । কিন্তু ৰে’ল বিভাগে দলঙৰ তলৰ ৰাস্তা নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছতো কাৰ্যক্ষম নকৰাৰ অভিযোগ তুলিছে ৰাইজ আৰু দল সংগঠনে ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
