উত্তৰকাশী, ১২ নৱেম্বৰ (হি.স.)। উত্তৰাখণ্ডৰ যমুনোত্ৰী ঘাইপথ পথ প্ৰকল্পৰ আটাইতকৈ দীঘলীয়া ছিলকয়াৰাৰ পৰা দণ্ডলগাঁৱলৈ নির্মাণ কৰি থকা ডাবল লেন সুৰংগটোৰ এটা অংশ ভাঙি পৰাত কেইবা ডজন শ্ৰমিক আবদ্ধ হৈ পৰিছে। জানিব পৰা মতে, ছিলকয়াৰাৰ পৰা ১৭৯ মিটাৰ আগত ভূমিস্খলন সংঘটিত হৈছে।
উপ-জিলা বিষয়া দুণ্ডা ব্রিজেশ তিৱাৰীয়ে কয় যে দুৰ্ঘটনাটোৰ তথ্য লাভ কৰা হৈছে। সেই স্থানত উপস্থিত হৈছে জিলা দুৰ্যোগ ব্যৱস্থাপনা আৰু এছ ডি আৰ এফৰ দল। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী অধীক্ষক অৰ্পন যদুবংশীও সেই স্থানত উপস্থিত হয়। এই সুৰংগৰ দৈৰ্ঘ্য ৪.৫ কিলোমিটাৰ। ইয়াৰ কাম শেষ পৰ্যায়ত আছে। প্ৰায় চাৰি কিলোমিটাৰ অংশ খনন কৰা হৈছে।
প্ৰায় ৮৫৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা যমুনোত্ৰী ঘাইপথৰ ছিলকয়াৰা আৰু পৌলগাঁৱৰ মাজত এই অত্যাধুনিক সুৰংগ নিৰ্মাণৰ কামত ৭০০-৮০০ৰো অধিক শ্ৰমিকে দিনে নিশাই কাম কৰি আছে। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত সুৰংগ নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছিল। ইয়াৰ নিৰ্মাণৰ ফলত গংগোত্ৰী আৰু যমুনোত্ৰীৰ মাজৰ দূৰত্ব কেৱল ২৫ কিলোমিটাৰ হ্ৰাস হোৱাই নহয়, সময়ো ৫০ মিনিট ৰাহি হ’ব। ইয়াৰ সমান্তৰালকৈ উত্তৰকাশী জিলাৰ ৰাৱাই উপত্যকাতো শীতকালত ৰাদি টপত বৰফ পৰাৰ ফলত পথ বন্ধ হোৱাৰ সমস্যাৰ পৰা সকাহ পাব। প্ৰায় দুই লাখ জনসংখ্যা ৰাৱাই উপত্যকাত বাস কৰে। এই সুৰংগটো ২০১৯ চনৰ ৭ জানুৱাৰীৰ পৰা নৱায়ুগ ইঞ্জিনিয়াৰিং কোম্পানী লিমিটেডে নেশ্যনেল হাইৱে এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন লিমিটেডৰ তত্বাৱধানত নিউ অষ্ট্ৰিয়ান টানেলিং পদ্ধতি ব্যৱহাৰ কৰি নিৰ্মাণ কৰি আছে।
হিন্দুস্থান সমাচাৰ/চিৰঞ্জীৱ/অৰৱিন্দ/মনোজ
