যোৰহাট, ০৩ ডিছেম্বৰ (হি.স.): যোৰহাটৰ মাৰোৱাৰী পট্টিত যোৱাকালি শনিবাৰে নিশা এক পথ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত এজন মটৰ চাইকেল আৰোহীৰ থিতাতে মৃত্য়ু হয়।
প্ৰাপ্ত তথ্য়মতে, এনএল ০১ এএফ ৯১৯৫ নম্বৰৰ এখন ট্ৰাকৰ তলত পৰি এএছ ০৩ জি ২৪০১ নম্বৰৰ মটৰ চাইকেলখনৰ আৰোহীজনৰ মৃত্য়ু হয়। ট্ৰাকখনৰ চকা মটৰ চাইকেলৰ চালকৰ মূৰৰ ওপৰেৰে পাৰ হৈ যায়। লগে লগে ঘটনা স্থলীতে মৃত্যু হয় বাইক আৰোহী জনৰ। নিহত যুৱক জনক অমন ঝা বুলি চিনাক্ত কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
