গোলাঘাট, ০২ নৱেম্বৰ (হি.স.): আগন্তুক ৪ আৰু ৫ নৱেম্বৰত বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চল।কাজিৰঙাত ভুটানৰ ৰজাৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জিপ চাফাৰি আৰু হাতী চাফাৰী ৪ আৰু ৫ নৱেম্বৰত বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এক জাননীযোগে জনাইছে যে কাজিৰঙাৰ কঁহৰা বনাঞ্চলত ৪ নৱেম্বৰ পুৱা হাতী চাফাৰি বিয়লি জিপ চাফাৰি আৰু ৫ নৱেম্বৰত পুৱা হাতী চাফাৰি আৰু জিপ চাফাৰি বন্ধ থাকিব। অৱশ্যে বাগৰি আৰু অগৰাতলী বনাঞ্চল পৰ্যটকৰ দৰ্শনৰ বাবে খোলা থাকিব বুলি কোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
