
ইম্ফল (মণিপুৰ), ০৩ ডিছেম্বৰ (হি.স.): মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কৈছে যে মণিপুৰৰ পৰিস্থিতি দ্ৰুতগতিত উন্নত হ’ব ধৰিছে। তেওঁ কয় যে এটা ঘটনাৰ বাহিৰে, দুই-তিনি মাহত কোনো ডাঙৰ ঘটনা সংঘটিত হোৱা নাই। আজি সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত তেওঁ জানিব দিয়ে যে ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট (ইউএনএফ) ৰ সৈতে যুদ্ধবিৰতি চুক্তি হোৱাৰ পিছত পৰিস্থিতি একেবাৰে স্বাভাৱিক হৈ পৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তিনিদিনৰ বাবে ইয়ালৈ আহিছিল আৰু সকলো গোটৰ সৈতে আলোচনা কৰি পৰিস্থিতি স্বাভাৱিক কৰাৰ চেষ্টা কৰিছিল বুলিও তেখেতে কয়। লগতে কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায় ২৫ দিনৰো অধিক সময় ধৰি ইয়াত থকা বুলিও জানিব দিয়ে।
ইফালে, কেন্দ্ৰীয় চৰকাৰে ইয়াত কেইবাজনো নিৰাপত্তা বিশেষজ্ঞ মোতায়েন কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়া লাহে লাহে লোকসকলে সাহায্য শিবিৰৰ পৰা তেওঁলোকৰ ঘৰলৈ যাবলৈ আৰম্ভ কৰিছে আৰু কুকি সম্প্ৰদায়ৰ লোকসকলৰ ঘৰ জ্বলোৱা হোৱা নাছিল, সেয়েহে এতিয়া তেওঁলোকেও লাহে লাহে তেওঁলোকৰ ঘৰলৈ উভতি আহিবলৈ আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে যাৰ ঘৰ এই সময়ছোৱাত জ্বলি গৈছিল সেইসকলক চৰকাৰে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিছে লগতে ৰাজ্যখনত শান্তি ঘূৰাই আনিবলৈ চৰকাৰে বিভিন্ন গোটৰ সৈতে আলোচনা কৰি আছে।
একে সময়তে, বিভিন্ন সম্প্ৰদায়েও ইজনে সিজনৰ সৈতে বাৰ্তালাপ কৰি আছে। মুখ্যমন্ত্ৰীয়ে কয় যে শীঘ্ৰেই মণিপুৰ সমস্যাৰ এক শান্তিপূৰ্ণ আৰু সৌহাৰ্দ্যপূৰ্ণ সমাধান উদ্ভৱ হ’ব। আন এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে বিৰোধী দলসমূহে চৰকাৰৰ সকলো কামৰ সমালোচনা কৰে, এয়া তেওঁলোকৰ ধৰ্ম। কিন্তু, এনে পৰিস্থিতিত, ৰাজনীতি কৰাটো সঠিক যেন নালাগে। মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁলোকৰৰ এতিয়া একো ক’বলৈ মানসিক অৱস্থা নাই।
উল্লেখযোগ্য যে মণিপুৰত যোৱা ৩ মে’ৰ পৰাই হিংসাত্মক ঘটনা সংঘটিত হৈ আহিছে। মেইতেই সম্প্ৰদায়ক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ বাবে উচ্চ ন্যায়ালয়ৰ পৰামৰ্শৰ পিছত মণিপুৰৰ পৰিস্থিতি অৱনতি ঘটিছিল।
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ/মনোজ
