
যোৰহাট, ১২ জুলাই (হি.স.): যোৰহাটৰ স্মাৰ্ট বজাৰত যোৱাকালি শুকুৰবাৰে সন্ধিয়া হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হয় । দুই মহলীয়া বজাৰৰ ভিতৰত আবদ্ধ হৈ পৰে শতাধিক গ্ৰাহক। হঠাৎ বৈদ্যুতিক চিষ্টেম বিকল হৈ পৰাৰ ফলতে এই অৱস্থা হয়।
বৈদ্যুতিক বিজুতিৰ ফলত জেনেৰেটৰে কাম নকৰা হ’ল। ডেৰ ঘণ্টা ধৰি গৰমত হাহাকাৰ কৰিবলগা হয় গ্ৰাহকসকলে। ইয়াৰ ভিতৰত শিশু আৰু মহিলা আবদ্ধ হৈ পৰে স্মাৰ্ট বজাৰ ভিতৰত। এক দুই চেকেণ্ডৰ বাবে বিদ্যুৎ আহে আৰু যায়। অট’ চিষ্টেমৰ দৰ্জা বন্ধ হৈ যায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
